আজি উত্তৰ পূৰ্বাঞ্চললৈ আহিব কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ


 

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে বায়ু সেনাৰ হেলিকপ্টাৰ যোগে ১০ এপ্ৰিলত উত্তৰ পূৰ্বাঞ্চললৈ আহিব। অসমৰ ডিব্ৰুগড়ৰ মোহণবাৰী আৰু অৰুণাচলত আয়োজিত বিভিন্ন কাৰ্যসূচীত তেওঁ অংশ ল’ব।


উল্লেখ্য যে, ১০ এপ্রিলত গৃহ মন্ত্রী অমিত শ্বাহে অৰুণাচলৰ ভাৰত চীন সীমান্তৰ কিৱিতুত VIBRANT VILLAGE PROGRAM শীৰ্ষক এক কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ যোগেদি সীমান্তৰ চিনাক্তকৰণ কৰা গাওঁ সমূহত বসবাস কৰা লোক সকলৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া উন্নত কৰাৰ লগতে তেওঁলোকক নিজ স্থানতে বসবাস কৰাৰ ক্ষেত্রত উৎসাহিত কৰিব বুলি লক্ষ্য কৰা হৈছে। ইয়ে গাওঁবাসীসকল সেই ঠাই এৰি গুচি নোযোৱাত সহায় কৰিব আৰু সীমান্ত সুৰক্ষাত সহায় কৰিব।


তথ্য অনুসৰি, VIBRANT VILLEGE PROGRAMME ৰ ব্যয় ২০২২-২৩ ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্রীয় অনুদানৰ ৪৮০০ কোটি য’ত বিশেষ ভাৱে ২৫০০ কোটি পথ যোগাযোগ উন্নয়নৰ বাবে ধাৰ্য্য কৰা হৈছে। এই দিশ সমূহৰ উন্নয়নৰ ক্ষেত্রত VIBRANT VILLEGE PROGRAMME ৰ যোগেদি অৰুণাচল প্ৰদেশ, চিকিম, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু লাডাখৰ কেন্দ্রীয় সাশিত অঞ্চলৰ ১৯ খন জিলাৰ ৪৬ টা ব্লকৰ ২৯৬৭ খন গাওঁ চিনাক্ত চিনাক্তকৰণ কৰা হৈছে।

ইয়াৰোপৰি, অমিত শ্বাহে অৰুণাচল প্ৰদেশ চৰকাৰে Golden Jubilee Border Illumination Programmeৰ অধীনত নিৰ্মাণ কৰা ৯টা সৰু বিদ্যুৎ উৎপাদন প্ৰকল্প (micro hydel project) উদ্বোধন কৰিব। লগতে তেওঁ INDO-TIBETAN BORDER POLICE(ITBP) PROJECT উদ্বোধন কৰিব, যিয়ে ইয়াৰ আন্তঃগাঠনি উন্নয়নত সহায় কৰিব। কাৰ্যসূচী অনুযায়ী তেওঁ ITBP ৰ সৈতে মত বিনিময়ো কৰিব। জানিব পৰা মতে, মন্ত্রী শ্বাহে Namti Field ভ্ৰমণ কৰি ৱালং ৱাৰ মেমোৰিয়েলত শ্ৰদ্ধাঞ্জলি নিবেদিব।

ইয়াৰ পিছতে তেওঁ ১১ তাৰিখে ডিব্ৰুগড়ৰ খনিকৰত দিনৰ প্ৰায় ১১ বজাত এক জনসভা সম্বোধন কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ পৰা তেওঁ ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নিৰ্মাণ হ'ব লগীয়া বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰো আধাৰশিলা উন্মোচন কৰিব। এই সভাত বিজেপিয়ে প্ৰায় ৪০ হাজাৰ লোকৰ সমাবেশ ঘটোৱাৰ কথা জানিবলৈ দিছে যদিও বৰ্তমানলৈকে চৰকাৰী ভাৱে এই তথ্য ৰাজহুৱা কৰা হোৱা নাই।

Post a Comment

Previous Post Next Post