এই বৰ্ষটো সমগ্ৰ অসমবাসীৰ বাবে বিহু অতি বিশেষ হ’ব কাৰণ ১৪ এপ্ৰিলৰ দিনা বিহুৰ বিশ্ব অভিলেখ গঢ়িবলৈ সকলো সাজু হৈছে। গৰু বিহুৰ দিনা গুৱাহাটীৰ সৰুসজাইত ১১ সহস্রাধিক বিহুৱা–বিহুৱতীয়ে বিহু নৃত্যৰে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত বিহুৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হ’ব।
উল্লেখনীয় যে, অসমবাসীৰ বাবে এইটো প্রথম গীনিজ ৰেকৰ্ড নহয়। ইয়াৰ পূৰ্বেও অসমৰ নাম গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছে। শেহতীয়াকৈ অসমে হাতে লিখা ৪৩.৯৪ লাখ লোকে লাচিত বৰফুকনৰ ৰচনাৰে গীনিজ বুকত স্থান লাভ কৰিছিল।
ইয়াৰ পূৰ্বে, ২০১৩ চনৰ ৬ জানুৱাৰীত শ্রীমন্ত শংকৰদেৱ সংঘৰ অধীনত মুঠ ১৪,৮৩৩ জন খুলীয়াই একেলগে ১৫ মিনিট সময় খোলবাদন কৰি গীনিজ বুকত অভিলেখ গঢ়িছিল।যোৰহাট জিলাৰ তিতাবৰৰ মেজেংগা পথাৰত একেলগে ১৪,৮৩৩ গৰাকী ব্যক্তিয়ে আধ্যাত্মিক গীত গাই মাটিৰে নিৰ্মিত আৰু হাতেৰে বজোৱা বাদ্য বজাই গীনিজ বুকত অভিলেখ সৃষ্টি কৰিছিল। বেচৰকাৰীভাৱে এটা ধৰ্মীয় সংগঠনে সৃষ্টি কৰা সেই অভিলেখত প্ৰায় ১৪ লাখ টকা ব্যয় হৈছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘই এই অনুষ্ঠানটোৰ আয়োজন আৰু ব্যয় সকলোখিনি নিজে সম্পন্ন কৰিছিল।
মন কৰিবলগীয়া যে, একেটা অনুষ্ঠানৰ বাবে সমবেত হোৱা লোকসকলে অসমৰ জাতীয় সংগীত ‘অ' মোৰ আপোনাৰ দেশ' ১ মিনিট ৫ ছেকেণ্ডত পৰিৱেশন কৰি এছিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছিল।
ইয়াৰোপৰি, অসমৰ যুৱক অভিজিৎ বৰুৱাই ২০২২ চনৰ ৩০ জানুৱাৰীত যোৰহাটৰ পৰা খালী ভৰিৰে একেৰাহে ২৪ ঘণ্টাত ১৯০ কিলোমিটাৰ দৌৰি গীনিজ বুকত নিজৰ নাম লিপিবদ্ধ কৰাবলৈ সক্ষম হৈছিল।