লেটিন আমেৰিকা, ইণ্ডোনেছিয়াৰ ৰেইন ফৰেষ্ট, মাদাগাস্কাৰ আৰু কলম্বিয়াৰ নিচিনা দেশৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী উদ্ধাৰ হৈছে মিজোৰাম সীমান্তৱৰ্তী কাছাৰৰ ধলাইৰ চাইফাই ৰোডত। দেওবাৰে গভীৰ ৰাতি আৰক্ষীৰ তালাচী অভিযানৰ সময়ত অসম-মিজোৰাম সীমান্ত অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় ৯টা বিদেশী বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী (Rescue of rare species of wildlife)।
বন বিভাগৰ তথ্য অনুসৰি, উদ্ধাৰ হোৱা বন্যপ্ৰাণীৰ ভিতৰত আছে ৭টা স্পাইডাৰ মাংকী। সাধাৰণতে এই প্ৰজাতিৰ বান্দৰ দক্ষিণ আমেৰিকাৰ অৰণ্যত পোৱা যায়। আন দুটা প্ৰাণী হ’ল পানামা আৰু কলম্বিয়াৰ লেমুৰ। মুঠ ৬ টা প্লাষ্টিকৰ গৰালত আবদ্ধ কৰি অনা হৈছিল এই বন্যপ্ৰাণী কেইটা। জব্দ কৰা এই ৯ টা বন্যপ্ৰাণীৰ বজাৰ মূল্য হ'ব প্ৰায় ১০ কোটি টকাৰো অধিক। উদ্ধাৰৰ অন্তত বিশেষ এম্বুলেঞ্চেৰে গুৱাহাটীৰ চিৰিয়াখানালৈ লৈ যোৱা হয় জীৱ-জন্তুকেইটা ।
আৰক্ষী অধীক্ষক নোমাল মাহাত্তোৱে এই সন্দৰ্ভত জনাই যে দেওবাৰে মিজোৰামৰ চাইফাই হৈ অসমৰ ওপৰেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰি থকা অৱস্থাত দেওবাৰে সীমান্তৰ পৰিত্যক্ত এলেকাৰ পৰা বন্যপ্ৰাণী কেইটাক জব্দ কৰা হয় যদিও এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ আৰক্ষী অধীক্ষগৰাকীয়ে কয় যে দুজন সন্দেহযুক্ত লোকক জেৰা কৰি থকা হৈছে ।
লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত অবৈধ ব্যৱসায় আৰু ড্ৰাগছ ব্যৱসায় ৰোধৰ বাবে আৰক্ষীয়ে সক্ৰিয় ভূমিকা পালন কৰি আহিছে। কাছাৰ জিলাৰ আন্তঃৰাজ্যিক সীমান্তৰ আন ৰাজ্যৰ বিভাগীয় বিষয়াৰ সৈতে যোগাযোগ কৰি চোৰাং ব্যৱসায় প্ৰতিহত কৰাত তৎপৰ হৈ পৰিছে আৰক্ষী। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, বন বিষয়াৰ উপস্থিতিত উদ্ধাৰ কৰা বন্যপ্ৰাণীক বিভিন্ন ফল-মূলৰ সৈতে খাদ্য যোগান ধৰা হৈছে।