প্ৰকাশ পালে দেশৰ মুখ্যমন্ত্ৰীসকলৰ সম্পত্তিৰ তালিকা। তালিকাত শীৰ্ষ স্থানত আছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডি । ৪৬ বছৰীয়া ৰেড্ডি ৫৬০ কোটি টকা মূল্যৰ সম্পত্তিৰ মালিক। দেশৰ দ্বিতীয়জন ধনী মুখ্যমন্ত্ৰী অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডু । অৰুণাচলৰ মুখ্যমন্ত্ৰী গৰকীৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য ১৬৩ কোটি টকা। অষ্টম স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শৰ্মা ১৭ কোটি টকা মূল্যৰ সম্পত্তিৰ গৰাকী। তালিকাৰ একেবাৰে অন্তত আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বেনাৰ্জীৰ সম্পত্তিৰ মূল্য ১৫লাখ টকা।
দেশৰ ৩০জন মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকা প্ৰকাশ কৰিছে Association of Democratic Reforms নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৱে। মুখ্যমন্ত্ৰীকেইজনে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে দাখিল কৰা শপতনামাত উল্লেখ কৰা সম্পত্তিৰ ভিত্তিত এই তালিকা প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে ৩০জন মুখ্যমন্ত্ৰীৰ ভিতৰত ২৯জনেই কোটিপতি । কোটিপতি মুখ্যমন্ত্ৰীকেইজনৰ সম্পত্তিৰ গড় মূল্য ৩৪ কোটি টকা। ইফালে ১৩জন মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ থকাৰ কথা ঘোষণা কৰিছে । ৬৩ কোটি টকাৰ সম্পত্তিৰে তালিকাত তৃতীয় স্থানত আছে ওডিচাৰ মুখ্যমন্ত্ৰী নবীন পাটনাইক। তেওঁৰ পিছতে আছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ ৰিঅ। ৰিঅৰ সম্পত্তিৰ মূল্য ৪৬কোটি টকা।