অধিকসংখ্যক চিয়েৰলীডাৰ্ছেই উচ্চশিক্ষিত। অধিকাংশই পঢ়া–শুনা চলোৱাৰ খৰচ হিচাপে ধন উপাৰ্জনৰ বাবে এই পেছা বাচি লয়। বহুতেই আকৌ ইয়াক পেছা হিচাপেও বাচি লৈছে।খেল চলাৰ সময়ত চিয়েৰলীডাৰ্ছসকলৰ সকলো সময়তে দৰ্শকক বিনোদন দিবলৈ ক্ৰিকেটাৰৰ দৰেই কষ্ট কৰিবলগীয়া হয়। ঘণ্টাৰ পিছত ঘণ্টা ধৰি নাচিবলৈ কৰিবলগীয়া হয় কঠোৰ অনুশীলন।দল আৰু দৰ্শকক মনোৰঞ্জন কৰিবলৈ খেলপথাৰৰ বাহিৰত কৰিবলগীয়া হয় কচৰৎ। কেৱল নৃত্যই নহয়, কৰিবলগীয়া হয় ফিটনেছ প্ৰশিক্ষণো। পাৰিশ্ৰমিক অৱশ্যে ক্ৰিকেটাৰৰ তুলনাত বহুতেই কম।
দৰ্শকৰ লগতে বহু সময়ত বহু ক্ৰিকেটাৰেও চিয়েৰলীডাৰ্ছৰ সৈতে ‘দুষ্ট–মিঠা’ ব্যৱহাৰ কৰে। অতীতত এনে দৃষ্টান্ত আছে। কিন্তু সুন্দৰীসকলে ভাবি লয়, এয়া প্ৰফেচনেল হাজাৰ্ডৰ অংশ।
হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত ছুটি পোছাক পিন্ধি লাস্যময়ী নৃত্যৰ বাবে বিশেষভাৱে প্ৰশিক্ষিত কৰা হয় চিয়েৰলীডাৰ্ছসকলক। বিদেশত চিয়েৰলীডাৰ্ছ হোৱাৰ বাবে কঠিন পৰীক্ষাও দিবলগীয়া হয়।
লেটিন আমেৰিকা, আমেৰিকা আৰু ইউৰোপৰ পৰা বিভিন্ন সংস্থাই বাছনি কৰা চিয়েৰলীডাৰ্ছসকলে আইপিএলৰ ফ্ৰেঞ্চাইজীত প্ৰৱেশ লাভ কৰে। তাত তেওঁলোকৰ পৃথককৈ ক্লাছ হয়।
মঞ্চত নাচি থকা চিয়েৰলীডাৰ্ছৰ প্ৰতি দৰ্শকৰ কু–ইংগিতপূৰ্ণ বাক্যবাণ নিক্ষেপ স্বাভাৱিক ঘটনা। কিন্তু সেয়া কিদৰে চম্ভালিব লাগে সেয়া চিয়েৰলীডাৰ্ছসকলে ভালদৰে জানে।