ৰূপহীহাটত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা



 নিশা ৰূপহীহাটত গুলীচালনাৰ ঘটনা। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। বৰতলত সংঘটিত হৈছে এই ঘটনা। ড্ৰাগছ মাফিয়া ৰমিজুল ইছলামলৈ আৰক্ষীৰ গুলী। দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহ কাৰ্যৰ সৈতে জড়িত আছিল ৰমিজুল।


ভৰিত গুলী লগাৰ ফলত আহত হয় ড্ৰাগছ মাফিয়া ৰমিজুল। ৰমিজুলৰ পৰা উদ্ধাৰ হয় ৭৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ। গুলীবিদ্ধ হোৱা ড্ৰাগছ মাফিয়া ৰমিজুল ইছলামৰ ঘৰ নাঙলদোৱাত। তেজপুৰ টাইমছ হাস্পতালত চিকিৎসাধীন কৰোৱা হয় ৰমিজুলক।


Post a Comment

Previous Post Next Post