মহানগৰীত ডেংগু-মেলেৰিয়া ৰোধৰ বাবে GMCৰ অভিনৱ প্ৰয়াস, মহানগৰীৰ নদী


 

মহানগৰীত ডেংগু মেলেৰিয়া ৰোধৰ বাবে GMCৰ অভিনৱ প্ৰয়াস। মহানগৰীৰ নদী নলা-নৰ্দমাত মহৰ কনী খোৱাৰ কাৰণে মেলিলে বিশেষ মাছ ৷

গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইখনো জিলাত বৃদ্ধি পাইছে ডেংগিৰ দৰে মহৰ দ্বাৰা হ'ব পৰা ৰোগ ৷ বিশেষকৈ কাৰ্বি আংলং জিলাত বৃদ্ধি পাইছে ডেংগি সংক্ৰমণ ৷ গুৱাহাটীটো বিগত কেইদিন মানত দেখা গৈছে কেইবাটাও ডেংগিৰ সক্ৰমণ ৷

গুৱাহাটী পৌৰ নিগমে মহৰ উপদ্ৰপ ৰোধৰ বাবে লৈছে বিশেষ পদক্ষেপ ৷ গুৱাহাটীৰ নলা নৰ্দমাত মেলিছে বিশেষ ধৰনৰ মাছ ৷যি মাছে মহৰ কণী খাই ৰোধ কৰিব মহৰ বংশ বৃদ্ধি ৷ শনিবাৰে পাঞ্জাবাৰীৰ জুৰিপাৰত জিএমচি, স্বাস্থ্য বিভাগে নৰ্দমাত মেলিলে বিশেষ প্ৰজাতিৰ Goppi আৰু Gambosia নামৰ মাছ ৷ যি দুই সপ্তাহৰ ভিতৰত নলা সমূহত থকা মহৰ পোৱালি খাব পৰা হ'ব ৷
৷  মন কৰিবলগীয়া যে বিগত কেইদিন মানত গুৱাহাটীত বৃদ্ধি পাইছে ডেংগিৰ সংখ্যা ৷ যদি জিএমচিৰ এই পদক্ষেপ সফল হয় তেন্তে হয়টো আগন্তুক সময়ত মহৰ পৰা বাচিব গুৱাহাটীবাসী ৷

Post a Comment

Previous Post Next Post