কাজিৰঙাত হাতী ছাফাৰী কৰিবলৈ আহোঁত মাজতে খোল খালে হাওদা, অসন্তুষ্ট পৰ্যটক


 

কাজিৰঙাত হাতী ছাফাৰীত অঘটন। উদ্যানৰ অন্তৰ্ভাগত চলা হাতী ছাফাৰীত খোল খালে হাতীৰ পিঠিত থকা পৰ্যটক বহা আসন৷ আসন খোল খালে যদিও কোনোমতে হাতীৰ পিঠিৰ পৰা সৰি নপৰাকৈ ৰক্ষা পৰিল পৰ্যটক।


আজি পুৱা এই ঘটনা সংঘটিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত৷ আজি পুৱা বাগৰি বনাঞ্চলত হোৱা ব্যক্তিগত হাতী ছাফাৰীত যোৱা এটা পৰ্যটকৰ দলৰ স’তে সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা৷


ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী মহাৰাষ্ট্ৰৰ বিজয় ছাইগল নামৰ পৰ্যটকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, আজি পুৱা তিনিটা হাতীত একেলগে এটা পৰ্যটকৰ দল বাগৰি বনাঞ্চলত প্ৰৱেশ কৰে৷ পৰ্যটকসকলক লৈ হাতী তিনিটা উদ্যানৰ ভিতৰত প্ৰৱেশ কৰাৰ ৫/৬ মিনিট নৌহওঁতেই হঠাতে এটা হাতীৰ আসন খোল খাই পৰ্যটককেইজন হাউলি পৰাৰ উপক্ৰম হয়৷ তেনে অৱস্থাতে কোনোমতে মাউতৰ প্ৰচেষ্টাত পৰ্যটককেইজন ৰক্ষা পৰে।


একে সময়তে পিছে পিছে যোৱা পৰ্যটক বিজয় ছাইগলে বিপদত পৰা পৰ্যটককেইজনক নিজে যোৱা হাতীৰ পিঠিত কোনোমতে উঠাই হাতী ছাফাৰী নকৰাকৈ উভতি আহে৷ উভতি আহি পৰ্যটককেইজনে বন বিভাগক মেইলযোগে অভিযোগ কৰে৷ বিজয় ছাইগলে সংবাদ মাধ্যমৰ আগত কয়, হাতী ছাফাৰীৰ সুৰক্ষাৰ ব্যৱস্থাটোক লৈ তেওঁলোক অসন্তুষ্ট৷


ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে৷ ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত কৰি লক্ষীপ্ৰসাদ নামৰ হাতীটোৰ পিঠিৰ পৰা আসন খহি পৰা বুলি জানিবলৈ দি গগৈয়ে কয় লগত যোৱা আন দুটা হাতী ভাগ্যৱতী আৰু চুমমালা৷


লক্ষীপ্ৰসাদৰ পিঠিত ভালকৈ আসন নবন্ধাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দি তদন্ত অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে প্ৰাধিকাৰী গগৈয়ে৷

Post a Comment

Previous Post Next Post