দ্বিতীয় দিনাও অব্যাহত ব্যৱসায়ী-ঠিকাদাৰ নৃপেন দাসৰ ঘৰ–কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান

 


ৰাজ্যত সমাজ কল্যাণ বিভাগত সামগ্ৰী যোগানত সঘনে দুৰ্নীতিৰ অভিযোগ উঠা ঠিকাদাৰ, ব্যৱসায়ী নৃপেন দাসৰ বেলতলাৰ বশিষ্ঠপুৰৰ ৪নং পথৰ গৃহ, জি এছ ৰোডৰ কাৰ্যালয় আৰু বেলতলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দ্বিতীয় দিনাও অভিযান অব্যাহত ৰাখিলে আয়কৰ বিভাগে৷


আয়কৰ বিভাগৰ এটা বৃহৎ দলে বুধবাৰে পুৱাই ব্যৱসায়ীগৰাকীৰ বাসগৃহৰ পৰা আৰম্ভ কৰা অভিযানৰ সমান্তৰলকৈ বেলতলা সমন্বয় পথত থকা কাৰ্যালয়, বেলতলা লক্ষ্মীমন্দিৰৰ কাষৰ ব্যৱসায় প্ৰতিষ্ঠানত আৰু জিএছ ৰোডৰ ব্যক্তিগত কাৰ্যালয়ত অভিযান অব্যাহত ৰাখে বৃহস্পতিবাৰৰ দিনটোতো ৷

দ্বিতীয় দিনলৈ চলা এই অভিযানত অভিযানকাৰী দলটোৱে ঠিকাদাৰগৰাকীৰ পৰা যথেষ্ট আপত্তিজনক নথি জব্দ কৰা বুলি জানিব পৰা গৈছে। অভিযোগ মতে, ৰাজ্যৰ সমাজ কল্যাণ বিভাগত শিশু খাদ্য যোগানৰ নামত কোটি কোটি ধন আত্মসাৎ কৰি এই বৃহৎ সম্পত্তিৰ পাহাৰ গঢ়িছিল এইগৰাকী বিতৰ্কিত ঠিকাদাৰ নৃপেন দাসে ৷ উল্লেখ্য, ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ নৃপেন দাসৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰিছিল এজন সচেতন লোকে ৷ ইয়াৰ পিছতে ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে অভিযান চলাই আয়কৰ বিভাগে।

Post a Comment

Previous Post Next Post