শতবৰ্ষ অতিক্ৰম কৰা দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাইলৈৰ পৰা শতবৰ্ষ সামৰণী অনুষ্ঠান


 

শতবৰ্ষ অতিক্ৰম কৰা চৰাইদেউ জিলাৰ দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাইলৈৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব শতবৰ্ষৰ সামৰণী অনুষ্ঠান৷ এই উপলক্ষে বিদ্যালয়খনৰ বৰ্তমানৰ ছাত্ৰ–ছাত্ৰী, শিক্ষক–শিক্ষয়িত্ৰী তথা প্ৰাক্তন ছাত্ৰ–ছাত্ৰীসকল ব্যস্ত হৈছে পৰিছে৷


বিদ্যালয়খনৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠান উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি বিদ্যালয়খনত এটা গ্ৰন্থাগাৰ শুভ উদ্বোধন কৰে। অহা ৪, ৫ আৰু ৬ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণী অনুষ্ঠানৰ প্ৰাকক্ষণত ১৯৯০ আৰু ৯১ বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে আগবঢ়োৱা পুঁজিৰে আধুনিকীকৰণ কৰা গ্ৰন্থাগাৰটো আজি উন্মোচন কৰা হয়।

ইফালে কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া সামৰণী অনুষ্ঠান সন্দৰ্ভত এখন সংবাদ মেলো আজি সম্বোধন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়কগৰাকীয়ে।

Post a Comment

Previous Post Next Post