শুকুৰবাৰে চেন্নাইস্থিত ভাৰতীয় সামুদ্রিক বিশ্ববিদ্যালয় (আই এম ইউ)ৰ সপ্তম সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ২০০৮ চনৰ ১৪ নৱেম্বৰত মানসম্পন্ন সামুদ্রিক শিক্ষা, প্রশিক্ষণ আৰু গৱেষণাৰ প্ৰসাৰৰ বাবে সাতখন সংশ্লিষ্ট প্রতিষ্ঠানক একত্ৰিত কৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতীয় সামুদ্রিক বিশ্ববিদ্যালয়ক।
বিশ্ববিদ্যালয়খনে চেন্নাই, কোচি, কলকাতা, মুম্বাই, নৱী মুম্বাই আৰু বিশাখাপট্টনমত অৱস্থিত ইয়াৰ ছটা চৌহদত স্নাতক, স্নাতকোত্তৰ আৰু পি.এইচ.ডি. ডিগ্রী আগবঢ়াই আহিছে। বিশ্ববিদ্যালয়খনৰ সৈতে সংযুক্ত হৈ আছে সোতৰখন সামুদ্রিক প্রশিক্ষণ প্রতিষ্ঠান।
সমাৱৰ্তনখন মুকলি হোৱাৰ পিছতেই বিশ্ববিদ্যালয়খনৰ উপাচার্য ড° মালিনী ভি শংকৰে মুখ্য অতিথি সর্বানন্দ সোণোৱাল (Sarbananda Sonowal) আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্রীপদ নায়েক প্ৰমুখ্যে উপস্থিত সকলোকে আদৰণি জনায় আৰু বার্ষিক প্রতিবেদন উপস্থাপন কৰে। তদুপৰি, কেন্দ্ৰীয় কেবিনেট মন্ত্রী সর্বানন্দ সোণোৱালে বিভিন্ন শাখাত প্ৰথম আৰু দ্বিতীয় স্থানপ্রাপ্ত ক্রমান্বয়ে ২০ গৰাকী শিক্ষাৰ্থীক সোণৰ পদক আৰু আন ২০ গৰাকীক ৰূপৰ পদক প্রদান কৰে।
মুখ্য অতিথি সর্বানন্দ সোণোৱালে বিশ্ববিদ্যালয়খনৰ শিক্ষার্থীসকলক তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জনায় আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে। সোণোৱালে শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয়, "সমাৱৰ্তন অনুষ্ঠানে আপোনালোকৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমাপ্তি সূচায় যদিও এয়া জ্ঞান অন্বেষণৰ অবিৰত যাত্ৰাৰ সমাপ্তি নহয়। শিকা আৰু জ্ঞান অন্বেষণ হৈছে জীৱনৰ এক নিৰন্তৰ প্ৰক্ৰিয়া। সামুদ্রিক শিক্ষাক ৰাষ্ট্ৰৰ উন্নয়নৰ হকে প্ৰয়োগ কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সবল ভূমিকা পালন কৰি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক মই আন্তৰিকতাৰে আহ্বান জনাইছোঁ।"
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ কেইটামান গুৰুত্বপূৰ্ণ সাফল্য সন্দৰ্ভতো আলোকপাত কৰে। তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আগন্তুক অমৃতকালৰ ভিতৰত ভাৰত আত্মনিৰ্ভৰ দেশ হিচাপে জিলিকি উঠাৰ ক্ষেত্ৰত নীল অর্থনীতিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমাৰ মন্ত্ৰালয়ে সাগৰমালা কাৰ্যসূচীৰ জৰিয়তে দেশৰ উপকূলীয় অর্থনীতি শক্তিশালী কৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। সামুদ্রিক খণ্ড সম্পৰ্কীয় আন্তঃগাঁথনি উন্নত কৰাৰ সময়ত আমি আমাৰ সুযোগ- সম্ভাৱনাৰ সৰ্বোত্তম ব্যৱহাৰ কৰি দেশক সজ্জিত কৰিব লাগিব, কিয়নো মহাসাগৰভিত্তিক নীল অর্থনীতি হৈছে দেশৰ উন্নয়নৰ বাবে যথেষ্ট সম্ভাৱনাপূর্ণ ক্ষেত্র।"