অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি নিজ সমষ্টি ঢেকিয়াজুলিত উপস্থিত হৈ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পোনপ্ৰথমে তেওঁ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত সমষ্টিটোৰ ২২৩ গৰাকী আৰ্থিকভাৱে দুৰ্বল ৰোগীক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে৷ সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ কল্যাণৰ অৰ্থে প্ৰত্যক্ষভাৱে আগবঢ়োৱা এনেধৰণৰ কল্যাণকামী পদক্ষেপৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷
ঢেকিয়াজুলিৰ তৰাজানত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন
ইয়াৰ পাছতে মন্ত্ৰী সিংহলে ঢেকিয়াজুলিৰ তৰাজানত এটি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ ২৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা এই কেন্দ্ৰটি উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে ঢেকিয়াজুলি সমষ্টিত কিছুদিন পূৰ্বেও কেইবাটিও আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে৷ শিশুসকলৰ শাৰিৰীক তথা মানসিক বিকাশত এই কেন্দ্ৰসমূহে যথেষ্ট অৰিহণা যোগাইছে বুলি উল্লেখ কৰি তৰাজান অংগনৱাড়ী কেন্দ্ৰটিয়েও শিশুসকলৰ পৰিপুষ্টি , শাৰিৰীক আৰু মানসিক বিকাশ তথা উৎকৰ্ষ সাধনত বিশেষ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ উপযুক্ত পৰিয়াল পৰিকল্পনাৰ মাধ্যমেৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মানসম্পন্ন মানৱ সম্পদ গঢ়াত ব্ৰতী হ’বলৈও তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়৷
ঢেকিয়াজুুলিৰ বৰবিল পথাৰ আৰু নাহৰবাৰীত ‘জলজীৱন অভিযান’ৰ অধীনত ৰূপায়িত পাইপযুক্ত পানী যোগান আঁচনি উদ্বোধন
দিনটোৰ তৃতীয় কাৰ্যসূচীত মন্ত্ৰী সিংহলে ঢেকিয়াজুলিৰ বৰবিল পথাৰ আৰু নাহৰবাৰীত ‘জলজীৱন অভিযান’ৰ অধীনত ৰূপায়িত পাইপযুক্ত পানী যোগান আঁচনিখনৰ শুভ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰকৃত অৰ্থত দুখীয়াৰ বন্ধু বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জন-স্বাস্থ্যৰ উন্নতিসাধন তথা জন কল্যাণৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত বহুতো কল্যাণকামী কাৰ্যপন্থা হাতত লোৱা হৈছে৷ দেশৰ প্ৰতিঘৰ মানুহৰ প্ৰতিজন লোকলৈ বিশুদ্ধ খোৱাপানীৰ উপযুক্ত সুবিধা সু-নিশ্চিত কৰাটো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এক সপোন আৰু লক্ষ্য বুলি মন্তব্য কৰি মন্ত্ৰী সিংহলে কয় যে এই লক্ষ্যত উপনীত হ’বলৈ আমি সদায়ে বদ্ধপৰিকৰ৷ প্ৰতিঘৰ মানুহলৈ বছৰৰ প্ৰতিটো দিনৰ ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানীৰ সু-ব্যৱস্থা উপলব্ধ নোহোৱালৈকে চৰকাৰে নিজৰ সৰ্বোৎকৃষ্ট প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়৷

আনটাইড পুঁজিৰ ৫ লাখ টকাৰে ভেৰগাঁও হৰিমন্দিৰৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ
ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নাহৰবাৰী গাঁও পঞ্চায়তৰ ভেৰগাঁও হৰিমন্দিৰৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে৷ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আনটাইড পুঁজিৰ অধীনত ৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা এই ধৰ্মীয় অনুষ্ঠানটিয়ে ৰাইজৰ মাজত আধ্যাত্মিক ভাৱ সুদৃঢ় কৰাৰ লগতে শান্তি-সম্প্ৰীতি ৰক্ষাত বিশেষ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷
আজিৰ এই উদ্বোধনী অনুষ্ঠানত জিলা পৰিষদৰ সদস্য ধন তপ্ন’, স্থানীয় সমাজকৰ্মী প্ৰকাশ তাঁতী আৰু শিৱচৰণ গোৱালাৰ লগতে ঢেকিয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি জন শইকীয়াও উপস্থিত থাকে৷