বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰতী ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সংবাদ মেল অনুষ্ঠিত হয়। সংবাদ মেলত প্ৰশিক্ষক দ্ৰাবিড়ে কয় যে, গ্ৰাউণ্ড কন্ডিছন, বিপক্ষ দল চাই আমি মূল একাদশ গঠন কৰো। মূল একাদশ আমি কাইলৈ ঘোষণা কৰিম।
সাংবাদিকে গুৱাহাটীত কেনে পাইছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত দ্ৰাবিড়ে কয় যে গুৱাহাটীত আমি গৰম পাইছো। কিন্তু গুৱাহাটীৰ বৰ্ষাপাৰা খেলপথাৰৰ পিটছ্ ভাল।
কাইলৈ ভাৰতীয় ক্ৰিকেট দলৰ দক্ষিণ আফ্ৰিকাৰ বিৰোদ্ধে অনুষ্ঠিত হ'বলগীয়া খেলখনক লৈ গভীৰ আশাবাদী প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। তেওঁ কয় যে, "ঘৰুৱা দৰ্শকৰ সম্মুখত ভাল হ'ব আমাৰ খেল।"
উল্লেখযোগ্য যে, প্ৰশিক্ষক দ্ৰাবিড়ে অসমৰ ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগক যথেষ্ট প্ৰশংসা কৰে।
গুৰুত্বপূৰ্ণভাৱে, অষ্ট্ৰেলিয়াত আৰম্ভ হ’বলগীয়া ভাৰতৰ টি-২০ বিশ্বকাপ অভিযানত এমাহ নৌহওঁতেই জছপ্ৰীত বুমৰাহৰ আঘাতৰ খবৰে ভাৰতীয় ক্ৰিকেটক ওলোটাকৈ কঁপাই তুলিছে। 'কিন্তু ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আশাবাদী আৰু ব্লু পেচ এটেকত খেলুৱৈজনক এতিয়ালৈকে বাদ দিবলৈ ইচ্ছুক নহয় বুলিও উল্লেখ কৰে সংবাদমেলখনত।ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে অষ্ট্ৰেলিয়াত আগন্তুক প্ৰতিযোগিতাখনৰ বাবে যশপ্ৰীত বুমৰাহৰ ফিটনেছ আৰু উপলব্ধতাৰ বিষয়ে সোধাত সংবাদমেলত কয় যে, "যেতিয়ালৈকে মই তেওঁক (টি-২০ বিশ্বকাপৰ) বাহিৰ হোৱাৰ আনুষ্ঠানিক নিশ্চিতকৰণ নাপাওঁ, আমি সদায় আশাবাদী হৈ থাকিম।"