গুৱাহাটীত বিৰাট কোহলীক লগ কৰিবলৈ সক্ষম হ'ল এগৰাকী ভাগ্যৱান অনুৰাগী। কোহলীক সাক্ষাৎ কৰা অনুৰাগীজন গুৱাহাটীৰ ৰাহুল ৰায়।
প্ৰিয় তাৰকাজনক লগ পাবলৈ ৰাহুলে লৈছিল বিশেষ পন্থা। গুৱাহাটীৰ অভিজাত হোটেল ৰেডিচন ব্লু'ত ২৩ হাজাৰ টকা ব্যয়ৰে এনিশাৰ বাবে এটা কোঠা বুক কৰি আছিল অনুৰাগীজন। এই কথা নিউজ18 অসমক জনালে অনুৰাগীজনে।
উল্লেখযোগ্য যে, ৰাহুলে কোহলীক লগ পাবলৈ বিগত ৩ দিনৰ পৰা বিমানবন্দৰ, বৰ্ষাপাৰাত চেষ্টা কৰি আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ লগ কৰিবলৈ সফল হোৱা নাছিল তেওঁ। অৱশ্যে তেওঁ হেৰুওৱা নাছিল আশা।
অৱশেষত হোটেল ৰেডিছনত ব্লুত ৰুম বুক কৰি কোহলীক লগ কৰিলে তেওঁ। তদুপৰি, ৰাহুল ৰায়ে কোহলীলৈ অনা ফটো ফ্ৰেমত অটোগ্ৰাফো দিলে খেলুৱৈজনে। বিৰাট কোহলীক লগ পাই নথৈ আনন্দিত হৈছে অনুৰাগীজন।
অৱশেষত হোটেল ৰেডিছনত ব্লুত ৰুম বুক কৰি কোহলীক লগ কৰিলে তেওঁ। তদুপৰি, ৰাহুল ৰায়ে কোহলীলৈ অনা ফটো ফ্ৰেমত অটোগ্ৰাফো দিলে খেলুৱৈজনে। বিৰাট কোহলীক লগ পাই নথৈ আনন্দিত হৈছে অনুৰাগীজন।