উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে ২৭ ৰ পৰা ২৯ ছেপ্টেম্বৰ, ২০২২-ৰ ভিতৰত ৰে'লত নিষিদ্ধ সামগ্ৰী পৰিবহনৰ বিৰুদ্ধে অবিৰতভাবে যুঁজ দিয়াৰ এক প্ৰয়াসৰ ফলস্বৰূপে ১.৭২ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে এজন লোকক কৰায়ত্ত কৰে। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই এক প্ৰেছ বিজ্ঞপ্তিযোগে সংবাদ মাধ্যমৰ আগত এই কথা জনায়। তেখেতে জনোৱা মতে নিষিদ্ধ সামগ্ৰীবোৰৰ ভিতৰত বিশেষকৈ গাঞ্জা আৰু ব্ৰাউন চুগাৰ আছিল যিসমূহ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিভিন্ন ষ্টেচন আৰু ৰে'লত নিয়মীয়া পৰীক্ষণ আৰু অভিযানৰ সময়ত গৰাকীবিহীন বেগৰ পৰা উদ্ধাৰ কৰা হয়।
বিগত ২৭ ছেপ্টেম্বৰ, ২০২২ তাৰিখে সংঘটিত এক ঘটনাৰ সন্দৰ্ভত গুৱাহাটীৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ এটি দলে গুৱাহাটী ৰে'ল ষ্টেচনত ২০৫০১ ডাউন (আগৰতলা– আনন্দ বিহাৰ টাৰ্মিনেল তেজাছ এক্সপ্ৰেছ) ৰেলত এটা অভিযান চলায়। অভিযানৰ সময়ত, তেওঁলোকে এটা ডবাৰ পৰা ১টা গৰাকীবিহীন ট্ৰাংক জব্দ কৰে আৰু প্ৰায় ১.২ লাখ টকা মূল্যৰ ১২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা বেগটো পিছত পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অ'চি/জিআৰপি/গুৱাহাটীৰ হাতত অৰ্পণ কৰা হয়। সেইদিনাই কামাখ্যা ৰে'ল ষ্টেচনত এক অভিযান চলাই থকা সময়তে কামাখ্যাৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দলে ৩.১৯ লাখ টকা মূল্যৰ প্ৰায় ৩১ কিলোগ্ৰাম গাঞ্জা থকা এটা বেকপেক উদ্ধাৰ কৰে। পিছত উদ্ধাৰ হোৱা গাঞ্জাখিনি পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো/গুৱাহাটীৰ হাতত চমজাই দিয়া হয়।
২৯ ছেপ্টেম্বৰ, ২০২২ তাৰিখে অলপতে সংঘটিত আন এটি ঘটনাত, লামডিং আৰু তিনিচুকীয়াৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ এটা দলে এক গোপন তথ্যৰ ওপৰত ভিত্তি কৰি লামডিং ৰেল ষ্টেচনত ১৫৯৬০ (কামৰূপ এক্সপ্ৰেছ) ৰে'লখনত এক তালাচী অভিযান চলায়। অনুসন্ধানৰ সময়ত এজন সন্দেহযুক্ত ব্যক্তিক এটা বেগৰ সৈতে সুৰক্ষা বাহিনীৰ দলটোৱে প্ৰত্যক্ষ কৰে। পিছত বেগটো খোলাৰ পিছত প্ৰায় ১.৬৮ কোটি টকা মূল্যৰ ৪২১.৮৬ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰ আৰু কৰায়ত্ত কৰা ব্যক্তিজনক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অ'চি/জিআৰপি/লামডিঙৰ হাতত গতাই দিয়া হয়।
ইয়াতে উল্লেখ কৰিব পাৰি যে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে নিচামুক্ত দেশৰ উদ্দেশ্যক আগত লৈ বিভিন্ন ৰে'ল ষ্টেচন আৰু ৰে'লত নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায় আৰু পৰিবহন সম্পৰ্কীয় কাৰ্যকলাপৰ প্ৰতি অবিৰতভাৱে সতৰ্কতা অৱলম্বন কৰি আহিছে।
ইয়াতে উল্লেখ কৰিব পাৰি যে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে নিচামুক্ত দেশৰ উদ্দেশ্যক আগত লৈ বিভিন্ন ৰে'ল ষ্টেচন আৰু ৰে'লত নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায় আৰু পৰিবহন সম্পৰ্কীয় কাৰ্যকলাপৰ প্ৰতি অবিৰতভাৱে সতৰ্কতা অৱলম্বন কৰি আহিছে।