১ অক্টোবৰৰ পৰা আৰম্ভ কালাৰ্ছৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' BIG BOSS 16

 


বিগ বছ চিজন ১৬ হৈছে আটাইতকৈ প্ৰতীক্ষিত ৰিয়েলিটি শ্ব'বোৰৰ ভিতৰত অন্যতম। অনুৰাগীসকলৰ অপেক্ষা শেষ কৰি ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ল দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু চৰ্চিত ৰিয়েলিটি শ্ব' বিগ বছ চিজন ১৬। কালাৰ্ছ টিভিত এক বিশাল প্ৰিমিয়াৰেৰে নতুন চিজনৰ সূচনা কৰা এই অনুষ্ঠানটো চলমান খানে পৰিচালনা কৰিছে। এই প্ৰতিযোগী টেলিভিশ্বন ৰিয়েলিটি শ্ব’ত যোগদান কৰা প্ৰতিযোগীসকল তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত এগৰাকী সুপৰিচিত নাম।


বিগ বছ চিজন ১৬ত যোগদান কৰা প্ৰতিযোগীসকলৰ তালিকা এনেধৰণৰ–
চাজিদ খান-

জনপ্ৰিয় টিভি হোষ্ট আৰু ‘হাউচফুল’ চলচ্চিত্ৰৰ পৰিচালক চাজিদ খানক বিগ বছ ১৬ত দেখা যাব। তেওঁ বলীউডৰ এজন জনপ্ৰিয় আৰু সুপৰিচিত নাম।

টিনা দত্ত-
টিনা দত্তক কালাৰ্চ টিভিৰ ধাৰাবাহিক ‘উত্তৰণ’ অনুষ্ঠানত দেখা গৈছিল। অভিনেত্ৰীগৰাকী ইয়াৰ পাছত বহুতো অনুষ্ঠানৰ অংশ আছিল। টিনাক ৰাজীৱ খাণ্ডেলৱালৰ সৈতে ৱেব শ্ব' 'নক্সালবাদী'ত দেখা গৈছিল আৰু ২০১৮ চনত তেওঁক ‘দায়ান’ নামৰ এটা অনুষ্ঠানতো দেখা গৈছিল। তেওঁ ৰোহিত চেট্টীৰ ষ্টাণ্ট-ৰিয়েলিটি শ্ব' ‘খতৰো কে খিলাড়ী’ চিজন ৭ৰ অংশ আছিল।

শালিন ভানোট-

শালিন ভানোট শ্ব’বিজ জগতৰ এটা ডাঙৰ নাম আৰু অভিনেতাজন বহুতো অনুষ্ঠানৰ অংশ আছিল। তেওঁ ‘নাগিন’, ‘ডো হানছো কা জোদা’, ‘সূৰ্যপুত্ৰ কৰ্ণ’, ‘নাচ বলিয়ে’, ‘ইয়ে হে আশিকী’ৰ দৰে বহুতো জনপ্ৰিয় টেলিভিশ্বন অনুষ্ঠানত অভিনয় কৰিছিল।

মান্য সিং-

ফেমিনা মিছ ইণ্ডিয়া ২০২০ বিজয়ী মডেল হিচাপে আত্মপ্ৰকাশ কৰিছিল মান্য সিঙে। তেওঁৰ যথেষ্ট অনুৰাগী আছে।

সৌন্দৰ্য শৰ্মা-

বিগ বছৰ ঘৰত সদায় এজন ভোজপুৰী চেলিব্ৰেট থাকে আৰু এই বছৰ ভোজপুৰী অভিনেত্ৰী সৌন্দৰ্য শৰ্মাক অনুষ্ঠানটোত দেখা পাব সকলোৱে। ভোজপুৰী গায়ক পৱন সিঙৰ সংগীত ভিডিঅ'ত অভিনয় কৰাৰ পিছত তেওঁ বিখ্যাত হৈছিল। ইয়াৰ পাছত, তেওঁক ৱেব শৃংখলা ‘ৰক্তাঞ্চল’ আৰু ‘ৰাঁচী ডায়েৰীজ’ চলচ্চিত্ৰত দেখা গৈছিল। দিল্লীত জন্মগ্ৰহণ কৰা সৌন্দৰ্য এগৰাকী দন্ত চিকিৎসক আৰু সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়।

নিম্ৰত কৌৰ আহলুৱালিয়া-

বিগ বছৰ ইতিহাসত আছে যে টিভিৰ বোৱাৰী প্ৰায়ে বিগ বছৰ বিজয়ী হৈছে। এইবাৰ ‘চৌটি চৰ্দাৰনী’খ্যাত টিভি অভিনেত্ৰী নিম্ৰত কৌৰ আহলুৱালিয়াক বিগ বছ ১৬ত দেখা যাব। দিল্লীত জন্মগ্ৰহণ কৰা অভিনেত্ৰীগৰাকীয়ে আইন শিক্ষাত স্নাতক লাভ কৰে যিয়ে পাছলৈ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু এগৰাকী টেলিভিশ্বনৰ অভিনেত্ৰী হৈছিল।

অংকিত গুপ্তা-

কালাৰ্ছ টিভিৰ আন এজন টিভি অভিনেতাক বিগ বছ ১৬ত দেখা যাব। ‘উদাৰিয়ান ফতেহ’ নামেৰে জনাজাত অংকিতৰ যথেষ্ট অনুৰাগী আছে। তেওঁ মেৰাঠৰ পৰা আহিছে আৰু ‘সাদ্দা হক’, ‘বালিকা বধু’, ‘বেগুচৰাই’ আৰু ‘মায়াৱী মালিং’ৰ দৰে অনুষ্ঠান কৰিছে। অৱশ্যে, তেওঁ ‘উদাৰিয়ান’ অনুষ্ঠানৰ সৈতে খ্যাতি লাভ কৰিছিল।

প্ৰিয়ংকা চৌধুৰী-

অংকিতৰ সৈতে তেওঁৰ ‘উদাৰিয়ান’ অনুষ্ঠানৰ সহ-অভিনেত্ৰী প্ৰিয়ংকা চৌধুৰীয়েও বিবি ১৬ত যোগদান কৰিব। অংকিত আৰু প্ৰিয়ংকা দুয়োগৰাকী জনপ্ৰিয় অন-স্ক্ৰীণ যুটি। প্ৰিয়ংকা জয়পুৰৰ পৰা আহিছে আৰু সামাজিক মাধ্যমত বহুত জনপ্ৰিয় আৰু তেওঁৰ যথেষ্ট অনুৰাগী আছে। তেওঁ মডেলিং এছাইনমেণ্ট, চলচ্চিত্ৰ, ৱেব চিৰিজ আদিৰ লগত জড়িত।

চুম্বুল তৌকীৰ খান-

আন এজন দূৰদৰ্শন তাৰকা যাক বিগ বছ ১৬ত দেখা যাব তেওঁ হৈছে চুম্বুল। জনপ্ৰিয় অনুষ্ঠান ‘ইমলি’ত মুখ্য চৰিত্ৰত অভিনয় কৰি এক প্ৰভাৱ পেলোৱা অভিনেত্ৰীগৰাকীক বিগ বছৰ ঘৰত বন্দী হ’বলৈ সাজু হৈছে। চুম্বুলৰ কৰ্মজীৱন আয়ুষ্মান খুৰানাৰ ARTICLE 15ৰ জৰিয়তে আৰম্ভ হৈছিল।

শ্ৰীজিতা দে-

‘উত্তৰণ’ত মুক্তা নামৰ চৰিত্ৰৰ সৈতে শ্ৰীজিতাই খ্যাতি লাভ কৰিছিল। তেওঁ মূলতঃ পশ্চিমবংগৰ হালদিয়াৰ বাসিন্দা। তেওঁ বহুতো টিভি অনুষ্ঠানৰ অংশ আছিল।

গৌতম ভিগিম-

গৌতম ভিগিম এজন দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ কেইবাটাও দূৰদৰ্শন অনুষ্ঠান যেনে 'পিঞ্জিৰা খুবসুৰতি কা', 'তন্ত্ৰ', 'নামকৰণ' আৰু 'ইশ্ক শুভন আল্লা'ত অংশ আছিল। তেওঁ মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০১৬ চনৰ পৰা দূৰদৰ্শন উদ্যোগত সক্ৰিয় হৈ আছে।

গৌৰী নাগোৰী-

গোৰী নাগোৰী এগৰাকী জনপ্ৰিয় ৰাজস্থানী নৃত্যশিল্পী আৰু মঞ্চ প্ৰদৰ্শক। তেওঁ ৰাজস্থানী গান ‘লে ফটো লে’ৰ বাবে জনপ্ৰিয় হৈ পৰে।

শিৱ ঠাকৰে-

শিৱ ঠাকাৰে এজন ভাৰতীয় ৰিয়েলিটি টেলিভিছন অভিনেতা। ২০১৭ চনত, তেওঁ MTV RODDIESত অংশগ্ৰহণ কৰিছিল।

তেওঁ ২০১৯ চনত বিগ বছ মাৰাঠী ২ আৰু এণ্টি চচিয়েল নেটৱৰ্কত অংশগ্ৰহণ কৰিছিল আৰু বিজয়ী হৈছিল।

অৰ্চনা গৌতম-

অৰ্চনা উত্তৰ প্ৰদেশৰ মিৰাটৰ এগৰাকী মডেল, অভিনেতা আৰু ৰাজনীতিবিদ। ২০১৪ চনত মিছ উত্তৰ প্ৰদেশৰ খিতাপ জয় কৰাৰ পিছত মডেল হিচাপে তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল। ইয়াৰ পিছত ২৭ বছৰীয়া মডেলগৰাকীয়ে ২০১৮ চনত মিছ বিকিনি ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰে আৰু পিছত মিছ কছমছ ৱৰ্ল্ড ২০১৮ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

এমচি ষ্টেন

এমচি ষ্টেন এজন কনিষ্ঠতম ভাৰতীয় গায়ক, ৰেপাৰ, সংগীত ৰচনাকাৰী আৰু গীতিকাৰ। তেওঁ এজন প্ৰখ্যাত ভাৰতীয় ব্যক্তিত্ব। পুনেৰ যুৱ সংগীতজ্ঞজনৰ প্ৰকৃত নাম আলতাফ শ্বেখ।

আবদু ৰজিক-

আব্দু ৰোজিক এজন তাজিকিস্তানী গায়ক, সংগীতজ্ঞ, ব্লগাৰ আৰু বক্সাৰ। তেওঁ পৃথিৱীৰ আটাইতকৈ সৰু গায়ক হোৱাৰ অভিলেখ গঢ়িছে।

Post a Comment

Previous Post Next Post