অবৈধ বালি সৰবৰাহকাৰী ডাম্পাৰৰ দৌৰাত্ম্যত বিধ্বস্ত চেলেং চাহ বাগিছাৰ পথ



 মৰিয়নিৰ চেলেং চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি। পুৱাই বাগিছাখনৰ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। কিন্তু এই প্ৰতিবাদ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে নহয়। অবৈধ বালি সৰবৰাহ কৰা ডাম্পাৰে চেলেং চাহ বাগিছাৰ পথ বিধ্বস্ত কৰি তোলাৰ বাবেই প্ৰতিবাদত নামিল বাগিচাখনৰ ৰাইজ। মৰিয়নি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ জাঁজী নদীৰ পৰা অবৈধভাৱে বালি সৰবৰাহ কৰা টেঙাবাৰী গাঁৱৰ কেইটামান বালি মাফিয়াৰ ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ মাৰ বান্ধি ওলাই আহি প্ৰতিবাদ সাৱ্যস্ত কৰিলে বাগিছাখনৰ শ্ৰমিক ৰাইজে। প্ৰতিবাদী শ্ৰমিকসকলে "বন বিভাগ হায় হায়", "অবৈধ বালি সৰবৰাহ বন্ধ কৰক", "বাগিছাৰ পথ নিৰ্মাণ কৰক", "বালি মাফিয়াৰ দাদাগিৰি নচলিব", আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।


উল্লেখ্য যে, জাঁজী নদীৰ পৰা দিনে-ৰাতিয়ে বালি সৰবৰাহ কৰা বৃহৎ ডাম্পাৰসমূহে বাগিছাখনৰ পৰা ধোদৰ আলি সংযোগী মুল পথটো ব্যৱহাৰ কৰাত পথটো বিধ্বস্ত হৈ পৰা লগতে এটা কালভাৰ্ট ভাগি যোৱাত যাতায়ত বন্ধ হৈ পৰিছে। ফলত বাগিছাৰ লোকসকলে যাতায়াতৰ নামত জীয়াতু ভুগিবলগা হৈছে। বালি সৰবৰাহ কৰা ডাম্পাৰে পথৰ বিধ্বস্ত অৱস্থা কৰা বাবেই বাগিছাখনলৈ জৰুৰীকালীন সময়ত এম্বুলেন্স সোমাব নোৱাৰা অৱস্থাৰো সৃষ্টি হৈছে। ইয়াৰোপৰি ডাম্পাৰসমূহে উৰুৱা ধূলিৰ বাবে শ্ৰমিকসকলে কৰ্মস্থলীত সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱাৰো অভিযোগ উত্থাপন কৰে। ফলত বাগিছাখনৰ শ্ৰমিকসকলে বালি মাফিয়াৰ ডাম্পাৰৰ দৌৰাত্ম্য বন্ধ কৰা লগতে বাগিছাখনৰ পথ নিৰ্মাণৰ দাবী উত্থাপন কৰি পুৱাই প্ৰতিবাদ সাব্যস্ত কৰে।

Post a Comment

Previous Post Next Post