আজাৰাত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কেঁটেলা পহু! চিকিৎসাৰ বাবে নি থাকোঁতে পৰে মৃত্যুমুখত


 

মহানগৰীৰ আজাৰাত দুষ্প্ৰাপ্য কেঁটেলা পহু উদ্ধাৰ। আঘাতপ্ৰাপ্ত অৱস্থাত থকা পহুটো কেইজনমান লোকে প্ৰত্যক্ষ কৰে। আজাৰাৰ প্ৰকৃতি প্ৰেমী তথা সৰ্পবন্ধু মিলু মেধি আৰু অভিজিত মেধিয়ে আঘাত প্ৰাপ্ত অবস্থাত পহুটো উদ্ধাৰ কৰি লগে লগে আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে।


আজাৰা আৰক্ষীৰ উপস্থিতিত বন বিভাগক গটাই দিয়া হয় কেঁটেলা পহুটো। কিন্তু দুৰ্ভাগ্যজনক কথা যে বন বিভাগৰ লোকে কেঁটেলা পহুটো লৈ গৈ থকা সময়তে মৃত্যুমুখত পৰে। পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে কেঁটেলা পহুটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায়।

Post a Comment

Previous Post Next Post