পৰ্বতাৰোহণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত হিমস্খলন, ১০ প্ৰশিক্ষাৰ্থীৰ মৃত্যু


 

উত্তৰাখণ্ডৰ পাহাৰত হিমস্খলনৰ ফলত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ১০জন প্ৰশিক্ষাৰ্থীৰ কৰুণ মৃত্যু। উত্তৰকাশীৰ ভটোৱাৰী ব্লকত অৱস্থিত দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বতৰ শিখৰত এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাত ৮ জনক উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰকাৰীয়ে ১১ জনৰ সন্ধান অব্যাহত আছে। সকলো প্ৰশিক্ষাৰ্থীয়ে উত্তৰকাশীৰ নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানৰ আছিল।


উত্তৰাখণ্ডৰ ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰে উদ্ধাৰ অভিযানত সহায় কৰি আছে। উল্লেখ্য, ১৬ হাজাৰ ফুট উচ্চতাত পুৱা ৯ বজাত দলটো হিমস্খলনৰ কবলত পৰে।

মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীৰ কার্যালয়ে জনোৱা মতে, এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ লগতে ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ দলসমূহে উদ্ধাৰ অভিযানত অংশ লয়।

উল্লেখ্য, মুখ্যমন্ত্রীৰ কার্যালয়ে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ সৈতে কথা পাতি সেনাৰ সহায় বিচাৰিছে বুলি প্রকাশ।

Post a Comment

Previous Post Next Post