২০১৮ বৰ্ষৰ ১৪ নৱেম্বৰত ইটালীৰ কোমো হ্ৰদত এক অনুষ্ঠানত জাকজমককৈ ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ বিয়া হৈছিল। তেতিয়াৰ পৰা এৱাৰ্ড অনুষ্ঠানেই হওক, বা পূজা হওক, কি পিন্ধিব বলীউডৰ এই দম্পতীয়ে, হাত ধৰি কেনেকৈ আহিব, বা ভ্ৰমণৰ বাবে ক’লৈ যাব, গোটেই দেশৰ চকু তেওঁলোকৰ ওপৰত। কোৱা বাহুল্য যে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গুঞ্জন শুনিলে দেশৰ জনসাধাৰণ হতচকিত হোৱাতো স্বাভাৱিক।
কেইমাহমানৰ ভিতৰতে দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি হৈছিল দীপিকা। যদিও সঠিক কাৰণ জানিব পৰা হোৱা নাই, সূত্ৰই জনোৱা মতে, হৃদস্পন্দন বৃদ্ধি হোৱাৰ বাবে এবাৰ, আৰু এবাৰ শৰীৰত অস্বস্তিৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
ইফালে, স্বঘোষিত চলচ্চিত্ৰ সমালোচক তথা আন্তঃৰাষ্ট্ৰীয় চেন্সৰ ব’ৰ্ডৰ সদস্য উমৈৰ সন্ধুই টুইট কৰি কয়, ‘দীপিকা আৰু ৰণবীৰৰ মাজত কিবা এটা চলি আছে।’
বাৰু, এই টুইটটো জুইৰ দৰে বিয়পি পৰিল। দেখা পোৱা গ'ল নানা মুনিৰ নানা মত।