আইমী বৰুৱাৰ ‘চেমখৰ’লৈ ৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, দিল্লীত আইমীয়ে গ্ৰহণ কৰিলে ৰজত কমল



 বিতৰ্কৰ মাজতে আইমী বৰুৱাই গ্ৰহণ কৰিলে ৰজত কমল বঁটা। আইমী বৰুৱাৰ ছবি ‘চেমখৰ’লৈ ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান। দিল্লীৰ বিজ্ঞান ভৱনত বঁটা প্ৰদান অনুষ্ঠান। বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে।


‘চেমখৰ’ৰ পৰিচালক আইমী বৰুৱা আৰু প্ৰযোজক মালা বৰুৱাই গ্ৰহণ কৰে এই বঁটা। ‘মানাহ আৰু মানুহ’ৰ বাবে শ্ৰেষ্ঠ অসমীয়া তথ্যচিত্ৰৰ বঁটা গ্ৰহণ কৰে পৰিচালক দীপ ভূঞা আৰু বিভূতি প্ৰসাদ লহকৰক বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।ব্ৰীজ’ৰ বাবে কৃপাল কলিতা সবিতা দেৱীলৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা। কাৰ্বি চুটি ছবি ‘কাচ্চিচিনিথু’লৈ শ্ৰেষ্ঠ চুটি ছবিৰ ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰে পৰিচালক খঞ্জন কিশোৰ নাথে।

Post a Comment

Previous Post Next Post