শৰীৰ সুস্থ ৰাখিবলৈ সকলো সময়তে নিজৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে। বদহজম হ’লে শৰীৰৰ মাৰাত্মক ক্ষতি হ’ব পাৰে। সেয়ে শৰীৰ ভালে ৰাখিবলৈ সকলো সময়তে খাদ্যক লৈ সচেতন থাকিব লাগে। খাদ্য খোৱাৰ পিছত কিছুমান বিষয়ত গুৰুত্ব দিয়া উচিত।
আমি বহু সময়ত অজানিতে কিছুমান ভুল কৰো। এই ভুলে আমাৰ স্বাস্থ্যৰ মাৰাত্মক ক্ষতি কৰিব পাৰে। সেয়ে স্বাস্থ্য ভালে ৰাখিবলৈ খাদ্য খোৱাৰ পিছত কিছুমান কথা মনত ৰাখিব লাগে। খোৱাৰ পিছত কিছুমান অভ্যাস এৰাই চলিবলৈ পৰামৰ্শ দিছে বিশেষজ্ঞসকলে।
স্নান : বহুতেই খাদ্য খাই স্নান কৰে, ফলত শৰীৰৰ তাপমাত্ৰা তৎক্ষণাত কমি যায়। শৰীৰৰ তাপমাত্ৰা কমি যোৱাৰ ফলত হজম হ’বলৈ সময় লাগে। সেয়ে খাদ্য খোৱাৰ পিছতে স্নান নকৰাই ভাল।
অতিৰিক্ত পানী খোৱা : খাদ্য খাই অতিৰিক্ত পানী খাব নালাগে বুলি মত পোষণ কৰিছে বিশেষজ্ঞসকলে। খাদ্য খোৱাৰ পিছত অতিৰিক্ত পানী খালে শৰীৰৰ প্ৰয়োজনীয় এচিড পাতল হৈ যায় যাৰ ফলত হজমত সমস্যা হয়।
ফল খোৱা : বহুতেই ভাবে যে খাদ্য খোৱাৰ পিছত ফল খাব লাগে। কিন্তু পেট ভৰাই খোৱাৰ পিছত ফল খালে, ফলত থকা পুষ্টি আমাৰ দেহে আৰু গ্ৰহণ কৰিব নোৱাৰে।

চাহ বা কফি পান : খাদ্যৰ পিছত খোৱা চাহ বা কফিয়ে খাদ্যৰ পৰা অহা আইৰন গ্ৰহণ কৰাত বাধা দিয়ে। সেয়ে খাদ্যৰ সমস্ত পুষ্টি ঠিকমাত্ৰাত গ্ৰহণ কৰিব নোৱাৰে শৰীৰে।
মদ্যপান : খাদ্য খোৱাৰ পিছত মদ্যপান কৰিলে শৰীৰৰ মাৰাত্মক ক্ষতি হ’ব পাৰে। সেয়ে মদ্যপান এৰি চলাই ভাল।
বিশেষজ্ঞসকলে কৈছে, খাদ্য খোৱাৰ পিছত সামান্য গৰম পানী খালে শৰীৰৰ বিভিন্ন সমস্যাৰ সমাধান হয়।
মদ্যপান : খাদ্য খোৱাৰ পিছত মদ্যপান কৰিলে শৰীৰৰ মাৰাত্মক ক্ষতি হ’ব পাৰে। সেয়ে মদ্যপান এৰি চলাই ভাল।
বিশেষজ্ঞসকলে কৈছে, খাদ্য খোৱাৰ পিছত সামান্য গৰম পানী খালে শৰীৰৰ বিভিন্ন সমস্যাৰ সমাধান হয়।
Tags:
National