বিজেপিয়ে নিজকে সদায় ' দি পাৰ্টি উইদ এ ডিফাৰেঞ্চ' বুলি কৈ আহিছে ৷ শনিবাৰে বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধনৰ সময়ত দলটোৰ বৰ্তমানৰ নেতৃত্বই নব্বৈ দশকৰ আগৰ বিজেপি কাৰ্যকৰ্তাক সন্মান জনাই একপ্ৰকাৰ দলটো যে আনতকৈ পৃথক সেয়া পুনৰ প্ৰমাণ কৰিলে ৷ এই কাৰ্যসূচীতে কোনোবাই কৰিলে অতীত ৰোমন্থন, কোনোবাই দিলে চৰকাৰক বিশেষ পৰামৰ্শ ৷
৮০ৰ দশক ৷ ভিন্ন সংগ্ৰামৰ মাজেৰে অসমত হিৰণ্য ভট্টাচাৰ্য, লক্ষেশ্বৰ গোঁহাই,কবীন্দ্ৰ পুৰকায়স্থ আদিয়ে সাহসিকতাৰে অসম প্ৰদেশ বিজেপি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল উজান বজাৰত ৷ যাৰ আহ্বায়ক আছিল প্ৰয়াত লক্ষেশ্বৰ গোঁহাই আৰু কবিন্দ্ৰ পুৰকায়স্থ ৷ সেই নতুন সমিতিখনৰ দায়িত্ব লাভ কৰিছিল ১৯৮০ৰ পৰা ৮৩লৈ প্ৰয়াত উমা নাথ শৰ্মাই ৷ তিনিবছৰীয়া কাৰ্যকাল উমানাথ শৰ্মাৰ সমাপ্ত হোৱাত ১৯৮৩-৮৫লৈ সভাপতিৰ দায়িত্ব লৈছিল দলটোৰ অসম প্ৰদেশৰ আহ্বায়ক লক্ষেশ্বৰ গোঁহায়ে ৷ লক্ষেশ্বৰ গোঁহাইৰ পিছত চক্ৰেশ্বৰ শইকীয়া, ডা৹ যোগেশ্বৰ মহন্তই ১৯৮৯ চনলৈকে চম্ভালিলে কাৰ্যকাল ৷ ইয়াৰ পিছতে ১৯৮৯ চনৰ পৰা তিনিটা কাৰ্যকাল ১৯৯৫লৈ সমাপন কৰিলে প্ৰবীন বৰুৱাই ৷ সদ্যপ্ৰয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰাৰ কাৰ্যকাল ১৯৯৫-৯৭ আৰু ২০০৩-০৬ ৷ ইন্দ্ৰমণি বৰাৰ এই দুটা টাৰ্মৰ মাজত ১৯৯৭-৯৯লৈ নাৰায়ণ চন্দ্ৰ বৰকটকী আৰু ১৯৯৯ৰ পৰা ২০০৩লৈ সভাপতি আছিল ৰাজেন গোঁহাই ৷ ৰাজেন গোঁহাই সভাপতি হৈ থকাৰ এই সময়ছোৱালৈকে উজানবজাৰেই আছিল বিজেপিৰ প্ৰাণ কেন্দ্ৰ ৷ উজানবজাৰৰ কাৰ্যালয়টো উত্তৰ পূবৰো মুখ্য কাৰ্যালয় হোৱাৰ লগতে একেধাৰে ৰাজ্যিক আৰু মহানগৰ জিলা বিজেপিৰো কাৰ্যালয় হিচাপে আছিল ২০০৩চন পৰ্যন্ত ৷ ২০০৩ত উজানবজাৰৰ পৰা ৰাজগড়লৈ স্থানান্তৰ হৈছিল ৰাজ্যিক বিজেপিৰ কাৰ্যালয় ৷ অৱশ্যে এইকেইজন সভাপতিক বাদ দি উজানবজাৰৰ পৰিৱৰ্তে ৰাজগড় আৰু হেঙেৰাবাৰীত সভাপতি হিচাপে কাৰ্য সম্পাদন কৰিছিল ৰমেন ডেকা, ৰঞ্জিত দত্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্য, সৰ্বানন্দ সোণোৱাল, ৰণজিৎ দাস, আৰু বৰ্তমানৰ সভাপতি ভৱেশ কলিতাই ৷
বিগত ২৮ আগষ্টত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই উজান বজাৰত উত্তৰ পূবৰ কাৰ্যালয় হিচাপে 'পদ্ম ভৱন' মুকলি কৰাৰ পিছত শনিবাৰে জে পি নাডা আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে বশিষ্ঠত নিৰ্মাণ কৰা নতুন বাজপেয়ী ভৱন ৷ ২০১৯ৰ ১৭ ফেব্ৰুৱাৰীত গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন ৰাজ্যিক সভাপতি ৰণজিৎ দাস আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আধাৰশিলা কৰিছিল নতুন ভৱনটোৰ ৷
শনিবাৰে অসম প্ৰদেশ বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধনৰ পূৰ্বে বিজেপিৰ বৰ্তমানৰ নেতৃত্বক দেখা গ'ল জ্যেষ্ঠ কাৰ্যকৰ্তাক ভৰি ধুৱাই সন্মান জনোৱাৰ এক অনন্য দৃশ্য ৷ জ্যেষ্ঠ কাৰ্যকৰ্তা পূজনত উপস্থিত থাকি আৱেগিক হৈ পৰিল বিজেপিৰ জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তী, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ প্ৰয়াত সভাপতি ইন্দ্ৰমণি বৰাৰ নাম লৈ এটা সময়ত কাৰ্যালয়ৰ ভাড়া দিয়াৰ কাম কিমান কঠিন আছিল ক'লে ৰঞ্জিত দত্তই ৷
"সাত তাৰিখ অহা মানেই ভয়ৰ দিন অহা ৷ ভাড়া দিবলৈ আমি ভাৱিব লগীয়া হৈছিল ৷ কাৰ্যকৰ্তাৰ পৰা টকা তুলি ভাড়া আদায় দিছিলোঁ আমি ৷ ইন্দ্ৰমণি বৰাদেৱেও এইবোৰ কথা বিভিন্ন সভাত কোৱা মনত পৰে ৷ আমি এনেবোৰ পৰিস্থিতি নিজেই দেখিছিলোঁ ৷" ৰঞ্জিত দত্তই ক'লে এইদৰে ৷ বিজেপি দল কৰাতোঁ এটা সময়ত কিমান প্ৰত্যাহ্বানৰ কথা আছিল সেই কথা এইদৰে ব্যক্ত কৰিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই—"মোক এসময়ত কংগ্ৰেছীবোৰে কৈছিল, আপুনি অমুকৰ ল'ৰা হৈ কিয় বিজেপিত যোগদান কৰিলে?", এতিয়া তেনেকুৱা কংগ্ৰেছী আমাৰ দলত ৷ কথাবোৰ ভাবি ভাল লাগে ৷

সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে ৰাজেন গোঁহায়ে এটা সময়ত বিজেপি কৰিলে আলফাৰ ভাবুকীৰ সন্মুখীন হোৱাৰ কথা সদৰি কৰিলে ৷ বিজেপিৰ আন এগৰাকী প্ৰাক্তন সভাপতি ৰমেন ডেকাই, RSSৰ জ্যেষ্ঠ নেতা ঘনশ্যাম দাস, বৰাকৰ পুৰণি বিজেপি নেতা পৰিমল শুক্লবৈদ্যইও ক'লে দলটোৰ দুৰ্যোগৰ সময়ত পতাকা ধৰি থকা সকলৰ অৰিহনাৰ কথা, বিজেপিৰ প্ৰত্যাহ্বানৰ সময়বোৰৰ কথা ৷
জ্যেষ্ঠজনক মঞ্চত ভৰি ধুৱাই সন্মান জনোৱা বিজেপিৰ এনে আদৰ্শ আন কোনো দলতে নাই বুলি কৈ কংগ্ৰেছৰ সৈতে বিজেপিৰ নীতিগত আৰু আদৰ্শগত পাৰ্থক্যৰ কথা ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ এই সকলোবোৰৰ মাজতে শনিবাৰৰ দিনটোত দেখা গ'ল ১৯৮০ৰ পৰা আজিলৈকে এই ৪২বছৰীয়া পৰিক্ৰমাত ৰাজ্যিক বিজেপিৰ জীৱিত ৮ গৰাকীকৈ সভাপতিক ৷ নাৰায়ণ বৰকটকী, ৰাজেন গোঁহাই, ৰমেন ডেকা, ৰঞ্জিত দত্ত, সৰ্বানন্দ সোণোৱাল, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰণজিৎ দাস আৰু ভৱেশ কলিতাক দেখা গ'ল একেটা অনুষ্ঠানত ৷ এই জ্যেষ্ঠ কাৰ্যকৰ্তা পূজনতে থাকি মঞ্চৰ পৰাই চৰকাৰৰ বিনামূলীয়া আঁচনীক সমালোচনা নলবাৰী বিজেপিৰ প্ৰাক্তন জিলা সভাপতি যজ্ঞেশ্বৰ বুজৰবৰুৱাৰ ৷ বিনামূলীয়া চাউল বিনামূলীয়া আঁচনীয়ে ৰাইজৰ ক্ষতি কৰা বুলি অনুভৱ ব্যক্ত কৰিলে নলবাৰী বিজেপিৰ প্ৰাক্তন সভাপতি যজ্ঞেশ্বৰ বুজৰবৰুৱাই ৷
Tags:
National