মহানগৰীত দিনৰ পোহৰতে ডকাইতি। গুৱাহাটীৰ প্ৰাণকেন্দ্ৰ জুৰোড তিনিআলিত ডকাইতি কাণ্ড। ৪-৫ জনীয়া ডকাইতৰ দলটোৱে লুটিলে ব্যৱসায়িক প্ৰতিষ্ঠান।
তথ্য অনুসৰি, ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি প্ৰৱেশ কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠানখনত। তাৰ পিছতে আৰম্ভ কৰে ডকাইতি কাৰ্য। ইনতাজ পাণ চপত এই ডকাইতি কাৰ্য সংঘটিত কৰে। খন্তেকতে প্ৰায় ৫০ হাজাৰ নগদ ধন লুটি নিয়ে দুৰ্বৃত্তৰ দলটোৱে। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Tags:
National