এই দুটা বস্তুৰ অভাৱ হ’লে কেতিয়াও দুখ নকৰিব, দুগুণ লাভ হ’ব আপোনাৰ


 

আচাৰ্য চাণক্যই জীৱনক শ্ৰেষ্ঠ কৰি তোলাৰ বাবে বহু নীতি উল্লেখ কৰিছে। এই নীতিসমূহৰ ফলত সফলতাৰ পথ অতি সহজ হৈ পৰে। চাণক্য নীতিয়ে বিপদৰ সময়ত দৰৱৰ দৰে কাম কৰে। এইসমূহ পালন কৰি কেৱল সফলতাই নহয় ভৱিষ্যতে আহিবলগীয়া সকলো ভাল–বেয়া সময়ৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ সক্ষমতা লাভ কৰে।


চাণক্যই কৈছিল যে জীৱনত দুটা এনে বস্তু আছে যাৰ অভাৱ হ’লে মানুহে কেতিয়াও দুখ কৰা উচিত নহয়, ই মানুহক ভৱিষ্যতে দুগুণ লাভ দিয়ে। আহক জানো সেই বস্তু দুবিধ কি।

প্ৰশংসাৰ অভাৱ
চাণক্যই কয় যে যদি আপুনি পৰিশ্ৰম আৰু সততাৰে বিজয় সাব্যস্ত কৰিছে কিন্তু তাৰ পিছতো আপুনি তাৰ বাবে প্ৰাপ্য স্বীকৃতি বা প্ৰশংসা লাভ কৰা নাই, তাৰ বাবে দুখ নকৰিব। সাম সন্দৰ্ভত ক’বলৈ গ’লে যদি আপুনি কৰ্মস্থলীত একাগ্ৰতা আৰু সততাৰে নিজৰ কাম সম্পূৰ্ণ কৰিছে কিন্তু তাৰ পিছতো আপুনি প্ৰাপ্য সন্মান আৰু উন্নতি লাভ কৰা নাই, তেন্তে চিন্তিত নহ’ব। যদিও আপোনাৰ কিছু মুহূৰ্তৰ বাবে দুখ লাগিব, কিন্তু ভৱিষ্যতে এই পৰিশ্ৰমে আপোনাক উন্নতিৰ শিখৰলৈ লৈ যাব।

যিদৰে পানীত মিহলি তেলে নিজৰ অস্তিত্বৰ সন্ধান কৰি লয়, সেইদৰে এজন উদাৰ, সৌম্য, পৰিশ্ৰমী, সঁচা আৰু সততাৰ দৰে গুণসম্পন্ন ব্যক্তিয়ে নিজৰ এক পৃথক চিনাকি বনাই ল’বলৈ সক্ষম হয়।

দান
দান আটাইতকৈ ডাঙৰ ধৰ্ম। প্ৰতিজন ব্যক্তিয়ে নিজৰ ক্ষমতা অনুসৰি দাম কৰে। যিমান সম্ভৱ দান কৰক, কিন্তু সঁচা মনেৰে। দানৰ অৰ্থ দিয়াৰ আনন্দ, যিটো নিঃস্বাৰ্থভাৱে কৰা হয়। এয়া ভাৱি কেতিয়াও দুখ নকৰিব যে আপোনাৰ হাতত দান কৰাৰ ক্ষমতা খুব কম, কিয়নো নিঃস্বাৰ্থভাৱে এমুঠি অন্ন দান কৰিলেও হাজাৰ গুণ দানৰ সমানে পূণ্য হয়। দান কৰাৰ পিছত তাৰ বিনিময়ত কিবা এটা পোৱাৰ আশা বা ইচ্ছা প্ৰকাশ নকৰিব।

Post a Comment

Previous Post Next Post