যোৰহাটৰ উপায়ুক্তৰ নামত ভুৱা হোৱাটছআপ নম্বৰ ব্যৱহাৰ কৰি প্ৰৱঞ্চনাৰ চেষ্টা দুষ্টচক্ৰৰ


 

অনলাইন পদ্ধতিৰে টকা সৰকোৱাৰ উদ্দেশ্যে এইবাৰ দুষ্ট চক্ৰই লক্ষ্য কৰি ল'লে যোৰহাটৰ উপায়ুক্তৰ নাম । যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নামত ভুৱাকৈ এটা ৱাটছএপ নম্বৰ খুলি দুষ্ট চক্ৰই একাংশ লোকৰ সৈতে যোগাযোগ কৰোতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে ।


উত্তৰ প্ৰদেশৰ মোবাইল নম্বৰ বুলি পোহৰলৈ অহা 7878016690 নম্বৰটোত যোৰহাটৰ উপায়ুক্ত গৰাকীৰ ফটো ব্যৱহাৰ কৰি দুষ্ট চক্ৰটোৱে একাংশ লোকৰ সৈতে যোগাযোগ কৰিছিল যদিও কোনো লোকৰ পৰা ধন সৰকাবলৈ সক্ষম নহল । ইতিমধ্যে যোৰহাটৰ উপায়ুক্তই সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰাৰ লগতে এনে ধৰণৰ প্ৰৱঞ্চকৰ জালত পৰাৰ পৰা সাৱধানে থাকিবলৈ সকলোকে আহ্বান জনাইছে ।

Post a Comment

Previous Post Next Post