২০ টালৈ বৃদ্ধি পালে অসম আৰক্ষীৰ নিযুক্তিত ভুৱা নথি দিয়া অভিযুক্তৰ সংখ্যা


 

২০ টালৈ বৃদ্ধি পালে অসম আৰক্ষীৰ নিযুক্তিত ভুৱা নথি দিয়া অভিযুক্তৰ সংখ্যা ৷ চিজেএম আদালতে ৪ দিনৰ জিম্মা দিলে নতুনকৈ গ্ৰেপ্তাৰ হোৱা ৫ অভিযুক্তক ৷


চিআইডিয়ে কালি নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ৫ নতুন অভিযুক্তক ৷ ইয়াৰ পূৰ্বে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ১৫ অভিযুক্তক ৷ শুকুৰবাৰে বিয়লি ২ অভিযুক্তক জালত পৰাৰ পিছত নিশা ৩ জনক ধৰিছিল চিআইডিয়ে ৷ CID ৰ 5/2022 গোচৰত আৰু পাঁচজনক গ্ৰেপ্তাৰ কৰে। ৰূপম বৰা, ৰাজু ঠাকুৰ,  মিৰ্জান গালিব,  দ্বিপজোতি বৰুৱাস নিতুমনী বৰুৱাক গ্ৰেপ্তাৰ। এওলোকে আৰক্ষীৰ নিযুক্তি লাভ কৰিছিল। কিন্ত নথিপত্ৰৰ জালিয়াতিৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।আজি গ্ৰেপ্তাৰ কৰা পাঁচ জনক ২৬ অক্টোবৰলৈ CIDৰ জিম্মাত দিছে দণ্ডাধীশৰ আদালতে।

Post a Comment

Previous Post Next Post