আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰিৰ আন এজন অভিযুক্তৰ আত্মসমৰ্পণ

 


আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰিৰ আন এজন অভিযুক্তৰ আত্মসমৰ্পণ। চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে ধিঙৰ আজিজুৰ ৰহমান নামৰ এজন প্ৰাৰ্থীয়ে।


উল্লেখ্য, ২৩ ছেপ্টেম্বৰত নিযুক্তি লাভ কৰিছিল আজিজুৰ ৰহমানে। নিযুক্তিৰ নথি কেলেংকাৰিত এই পৰ্যন্ত গ্ৰেপ্তাৰৰ সংখ্যা হ'ল ২২জন।
পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্ত CIDৰ জিম্মাতে আছিল। আজি বুধবাৰে জিম্মাৰ ম্যাদ ওকলাত আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়। এই গোচৰত অভিযুক্ত বহু প্ৰাৰ্থী এতিয়াও পলাতক যদিও শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকাশ কৰে চি আই ডিয়ে।

Post a Comment

Previous Post Next Post