মিঞা মিউজিয়াম তাৎক্ষণিকভাৱে ভাঙি দিব লাগে। গোৱালপাৰাত বনোৱা বাংলাদেশী মিঞা মিউজিয়ামটো জ্বলাই দিব লাগে। এই মন্তব্য কৰিছে বিজেপি নেতা শিলাদিত্য দেৱে।
শিলাদিত্য দেৱে কয়, অসমত মিঞা মিউজিয়াম হ’ব নিদিওঁ। মিঞাই অসমৰ সংস্কৃতি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। বাংলাদেশত বনাওক মিঞা মিউজিয়াম।
উল্লেখযোগ্য যে দেওবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত সদৌ অসম মিঞা পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত উদ্বোধন কৰা হৈছিল মিঞা সংগ্ৰহালয়। তাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
