যোৰহাট তৰাজানৰ সোনালী জয়ন্তী নগৰলৈ ঘৰুৱা গেছৰ যোগান ধৰা এদাল পাইপত সোমবাৰে দুপৰীয়া জুই লগা ঘটনাই স্থানীয় লোকসকলক আতংকিত কৰি তোলে । সোনালী জয়ন্তী নগৰৰ ৬ নং বাইলেনৰ এটি বাসগৃহৰ সন্মুখত গেছ পৰিবাহী পাইপত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ।
জুই দেখা পাই স্থানীয় লোকে তাৎক্ষণিক ভাবে অগ্নি নিৰ্বাপক বাহিনী আৰু গেছ কোম্পানীৰ বিষয়ববীয়াক ঘটনাৰ বিষয়ে অৱগত কৰাত লগে লগে জুই নিৰ্বাপনৰ ব্যৱস্থা লোৱা হয় । অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিয়ন্ত্ৰণ কৰাত এই অগ্নিকাণ্ডই ভয়ঙ্কৰ ৰূপ লব নোৱাৰিলে ।
Tags:
National
