২০২০ চনত সংঘটিত হোৱা সমাজ কল্যাণ বিভাগৰ বিয়াগোম কেলেংকাৰি পোহৰলৈ। সমাজ কল্যাণ বিভাগৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত হাতীগাঁও থানাত গোচৰ ৰুজু হোৱাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চাকৰি দিয়াৰ নামত ধন লোৱা জিনা বেগম নামৰ এগৰাকী মহিলাক। জিনা বেগমক আৰক্ষীয়ে ছয়মাইলৰ পৰা কৰায়ত্ত কৰে।
জিনা বেগমৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১২খন ভুৱা নিযুক্তি পত্ৰ। তথ্য অনুসৰি, বেগমে সকলো জালিয়াতি কৰি ভুৱা নিযুক্তি পত্ৰ বিতৰণ কৰিছিল প্ৰায় শতাধিক নিবনুৱাক। চাকৰিৰ আশাত নিবনুৱাসকলে জিনা বেগমক দিছিল ৪ৰ পৰা ৫ লক্ষ টকা।
টকা দি টাকৰি নোপোৱা তিনিজন ভুক্তভোগী ৰফিকুল, আতিকুৰ আৰু আৰিফুলৰ এজাহাৰৰ পিছতে পোহৰলৈ আহে এই তথ্য। এই তিনিজনে ১৯ লাখ টকা দিছিল চাকৰিৰ বাবে। ভুৱা নিযুক্তি পত্ৰও পাইছিল তিনিওজনে। জানিব পৰা মতে, জিনা বেগমে মুঠ ৫৫ জনৰ পৰা লৈছিল ধন। এনেদৰে তেওঁ কোটি টকাৰ ওপৰত ধন আত্মসাৎ কৰিছিল।