প্ৰতি বছৰে, ১ অক্টোবৰ আন্তৰ্জাতিক কফি দিৱস হিচাপে পালন কৰা হয়। বিশ্বৰ কফিপানৰ প্ৰতি থকা প্ৰেম উদযাপন কৰাৰ উপৰিও, ইয়াক কৃষকসকলৰ বাবেও পালন কৰা হয় !বহুলোকে কব বিচাৰে যে একাপ কফি নহ'লে আবেলিৰ আড্ডা নহয়।গৱেষণা আৰু অধ্যয়নে দেখুৱাইছে যে ক'লা কফিয়ে হৃদৰোগৰ আশংকা হ্ৰাস কৰে। এই পানীয় যকৃতৰ বাবেও ভাল। ২০১৬ চনৰ এক অধ্যয়নত দাবী কৰা হৈছে যে কফিয়ে Multiple Sclerosis বা MSৰ আশংকা হ্ৰাস কৰে।কফিত থকা কেফেইনৰ প্ৰভাৱৰ ফলত শৰীৰ আৰু মন দুয়োটা সতেজ অনুভৱ হয়। একে সময়তে, কোৱা হয় যে কেফেইনে মহিলাৰ যৌন আকাংক্ষাও বৃদ্ধি কৰে।
কফিত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। এই এণ্টিঅক্সিডেণ্ট কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰাত অতি কাৰ্যকৰী।কফিয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰকো প্ৰভাৱিত কৰে। ফলস্বৰূপে, যেতিয়া টোপনিৰ ভাব আহে, কফি খালে কাম কৰাৰ সামৰ্থ্য আৰু আকাংক্ষা পুনৰুদ্ধাৰ কৰা হয়।কেফেইনে বিপাকৰ হাৰ বৃদ্ধি কৰি আমাক ক্ষীণ হৈ থকাত সহায় কৰে।কফিত আছে ভিটামিন বি-২, ভিটামিন বি-৫, ভিটামিন বি-৩, মেংগানিজ ও পটেছিয়াম ৷