দুৰ্গোৎসৱ উপলক্ষে কামাখ্যা মন্দিৰত কুমাৰী পূজা



 ১৯ ছেপ্টেম্বৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হৈছে পষেকীয়া দুৰ্গোৎসৱ। এই পষেকীয়া দুৰ্গোৎসৱৰ মাজেৰে কামাখ্যা দেৱালয়ত অনুষ্ঠিত হৈ আহিছে বিভিন্ন পূজা-অৰ্চনা। আজি নৱৰাত্ৰিৰ ষষ্ঠটো দিনতো দেৱালয়ত সম্পন্ন হৈছে কুমাৰী পূজাৰ পৰ্ব। এই পৰ্ব অনুসৰি নৱৰাত্ৰীৰ আজি ষষ্ঠ দিনত ছয়গৰাকী কুমাৰীক লৈ পূজা কৰা হৈছে। এইদৰে প্ৰত্যেক দিনা এগৰাকীকৈ কুমাৰী বৃদ্ধিৰে নৱমীলৈকে পূজা অব্যাহত থাকিব। উল্লেখ্য যে, এই সমগ্ৰ প্ৰক্ৰিয়াটোত সৰ্বমুঠ ৪৫গৰাকী কুমাৰীক লৈ কুমাৰী পূজা সম্পন্ন কৰা হ’ব।


ইফালে, আজি পুৱাই শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হয় টীম ইণ্ডিয়াৰ দুই তাৰকা খেলুৱৈ। কামাখ্যা ধামত উপস্থিত হৈ দেৱীৰ আশিস ল’লে বলাৰ অক্ষৰ পেটেল আৰু উমেশ যাদৱে। ২ অক্টোবৰত বর্ষাপৰাত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টি২০ মেচ। খেলৰ পূৰ্বে এই দৰে দেৱীৰ আশীৰ্বাদ বিচাৰি কামাখ্যা ধামত দেখা গ’ল দুই খেলুৱৈক।

Post a Comment

Previous Post Next Post