দিল্লীৰ পৰা পোনে পোনে অসমলৈ অনা হ'ব দীপশিখা হাজৰিকাৰ মৃতদেহ


 

উত্তৰাখণ্ডত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত হিমস্খলনৰ (Uttarakhand Avalanche) বাবে কৰুণ মৃত্যুক সাৱটি লোৱা  অসমৰ দীপশিখা হাজৰিকাৰ মৃতদেহ আজি ঘৰ আহি পাব।


উত্তৰকাশীৰ পৰা পিতৃয়ে মৃতদেহ লৈ উপস্থিত হয় দিল্লীত। দিল্লীৰ পৰা পোনে পোনে অসমলৈ অনা হ'ব তেওঁৰ মৃতদেহ।
দীপশিখাৰ (Deepshikha Hazarika) শৱদেহ অসমলৈ অনাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে দিল্লীৰ অসম ভৱনৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিমানত আনিবৰ বাবে যাৱতীয় নীতি-নিয়ম সম্পন্ন কৰাৰ পিছতহে অসমলৈ আনিব পৰা যাব দীপশিখাৰ মৃতদেহ। আজি নিশাৰ ভাগত গুৱাহাটীৰ ঘৰ আহি পোৱাৰ সম্ভাৱনা।

Post a Comment

Previous Post Next Post