লক্ষ্মী পূজাৰ উল্লাহ-আনন্দৰ মাজতে বিজনীত বন্যহস্তীৰ তাণ্ডৱ। নিশা মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে ভাৰত-ভূটান সীমান্তৰ কুকলুঙত সন্ত্ৰস্ত কৰি তোলে।
হাতীয়ে ভাঙি ধ্বংস কৰিলে স্থানীয় সুভাষ সৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত পকী ঘৰৰ লগতে খেতি–বাতি ৷ সুভাষ সৰকাৰৰ পুত্ৰ ধ্ৰুৱজ্যোতি সৰকাৰে শুই থকা অৱস্থাতে বন্যহস্তীয়ে ভাঙি পেলাই পকী বেৰ।
বন্যহস্তীৰ কবলৰ পৰা কিবাকৈ ওলাই প্ৰাণৰক্ষা কৰি ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিয়ে ভুক্তভোগী ধ্ৰুৱজ্যোতি সৰকাৰে। ভাৰত-ভূটান সীমান্তৱৰ্তী মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গঞাক বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ দাবী জনায় চৰকাৰ প্ৰশাসনক।
উল্লেখ্য যে প্ৰায় প্ৰতিদিনেই মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে বিজনীৰ উত্তৰাঞ্চলত তাণ্ডৱ চলাই কৃষকৰ তামোল, কলগছ, শস্য আদি খাই নষ্ট কৰাৰ লগতে প্ৰাণৰ মমতাত বিনিদ্ৰা ৰজনী কটাবলগীয়া হৈছে গঞাই।

Tags:
National