দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত পৰাস্ত ভাৰত

 

ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে (IND vs SA) প্ৰথমখন এদিনীয়াত ৯ ৰানত পৰাস্ত হৈছে। ভাৰতৰ সন্মুখত দক্ষিণ আফ্ৰিকাই জয়ৰ বাবে লক্ষ্য দিছিল ২৫০ ৰানৰ। কিন্তু নিৰ্ধাৰিত অভাৰত ভাৰতে ৮টা উইকেট হেৰুৱাই ২৪০ ৰান সংগ্ৰহ কৰে।


প্ৰথমে বেট ধৰি দক্ষিণ আফ্ৰিকাই হেনৰি ক্লাছেন আৰু ডেভিড মিলাৰৰ বিস্ফোৰক অৰ্ধশতকৰ সহায়ত ৪০ অভাৰত ৪টা উইকেট হেৰুৱাই ২৪৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে সঞ্জু ছেমছনৰ বিস্ফোৰক ৮৬ ৰান আৰু শ্ৰেয়াছ আয়াৰৰ বিস্ফোৰক অৰ্ধশতক স্বত্তেও নিৰ্ধাৰিত অভাৰত ২৪০ ৰানহে কৰিবলৈ সক্ষম হয়।

Post a Comment

Previous Post Next Post