কাইলৈৰ পৰা আৰম্ভ হ'ব হিৰো ইণ্ডিয়ান চুপাৰ লীগৰ নৱম সংস্কৰণ; সাজু গুৱাহাটীৰ সৰুসজাই



 ভাৰতীয় ফুটবলক নতুন ৰূপ দিয়া হিৰো ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ নৱম সংস্কৰণ সাত অক্টোবৰৰ পৰা আৰম্ভ হ'ব। উল্লেখযোগ্য যে, ক'ভিডৰ বাবে যোৱা দুবছৰ আই এছ এলৰ মেচ দর্শক অবিহনে কেৱল গোৱাতে হৈছিল যদিও এইবাৰ পুনৰ সমগ্ৰ দেশতে অনুষ্ঠিত হ'ব। অর্থাৎ আই এছ এল খেলিব লগা ১১ টা দলে নিজৰ নিজৰ চহৰত ১০ খনকৈ লীগ মেচ খেলাৰ সুযোগ লাভ কৰিব। অহা ছমাহত পুনৰ ফুটবলৰ উৎসৱৰ মায়াত ডুব যাব ভাৰতীয় ক্রীড়াপ্রেমী।


উল্লেখ্যোগ্য যে, পূৰ্বৰ দৰে এইবাৰ নিজৰ প্ৰিয় দলটোক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত উপস্থিত থাকিবলৈ সুযোগ পাব সকলো দৰ্শকে। অহা সাত অক্টোবৰত কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'ব লগা নৱম আই এছ এলৰ উদ্বোধনী মেচত ঘৰুৱা দল কেৰালা ব্ৰাষ্টাৰ্ছ এফ চিয়ে খেলিব কলকাতাৰ দল ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে।সুখবৰ যে, উত্তৰ-পূবৰ ক্ৰীড়াপ্ৰেমীৰ দুবছৰীয়া অপেক্ষাৰ অন্ত পেলাই এইবাৰ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামতো পুনৰ হ'ব আই এছ এলৰ মেচ। অহা ১৩ অক্টোবৰত ঘৰুৱা দল নর্থ-ইষ্ট ইউনাইটেড এফ চিয়ে গুৱাহাটীৰ প্ৰথম মেচত মুখামুখি হ'ব বিগত ছিজনৰ চেম্পিয়ন হায়দাবাদ এফ চিৰ বিৰুদ্ধে। অৱশ্যে নর্থ-ইষ্ট ইউনাইটেডে নতুন ছিজনৰ প্ৰথমখন মেচ খেলিব বাংগালুৰু এফ চিৰ বিৰুদ্ধে। অহা ৮ অক্টোবৰত বাংগালুৰুৰ শ্ৰী কাণ্টিৰাবা ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ'ব। যোৱা ছিজনৰ হতাশাৰ পাছত নতুন আশাৰে সাজু হৈছে নৰ্থ-ইষ্ট ইউনাইটেড। ইফালে এইবাৰ আই এছ এলৰ প্লে অফৰ নিয়ম সলনি কৰা হৈছে। পূৰ্বৰ চাৰিটা ক্লাবৰ পৰিবৰ্তে এইৱাৰ লীগৰ অন্তত ছটা দলে প্লে অফলৈ যোগ্যতা অৰ্জন কৰিব । ইয়াৰে শীর্ষ দুটা দল পোনে পোনে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে অন্য চাৰিটা দলে বাকী ছেমি ফাইনেলৰ স্থানৰ বাবে খেলিব। তাৰ পাছতহে ফাইনেল অনুষ্ঠিত হ'ব।

Post a Comment

Previous Post Next Post