কলিতে মৰহিল এটি উজ্জ্বল প্ৰতিভা। মাজুলীৰ কণমানি কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ আকস্মিক বিয়োগে এতিয়া ৰাজ্যজুৰি শোকৰ বন্যা বোৱাইছে। মৰমৰ তেজস্বিতাক হেৰুৱাই এতিয়া পৰিয়ালৰ লোকে চকুপানীৰে বাট নেদেখা হৈছে, কান্দোনৰ ৰোল উঠিছে মাজুলীত। কোনেও যেন মানি ল’ব পৰা নাই যে তেজস্বিতা আৰু নাই।
বুধবাৰে এটা নামঘৰত বৰগীত পৰিৱেশন কৰি থকাৰ সময়তে অসুস্থ হৈ পৰিছিল তেজস্বিতা। লগে লগে তেজস্বিতাক হাস্পতাললৈ নিয়া হয়। কিন্তু তেতিয়ালৈ যেন পলম হৈ গৈছিল। তেজস্বিতাক হাস্পতাললৈ নিয়া হয় যদিও তেওঁৰ প্ৰাণ বচাব পৰা নগ’ল।
উল্লেখ্য, মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে বুধবাৰে শিশুশিল্পী তেজস্বিতাই নিজ গাঁৱৰ নামঘৰত শিশুশিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ আহি হঠাতে অসুস্থ হৈ পৰিছিল। তেওঁক ততাতৈয়াকৈ গড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল। কিন্তু তেজস্বিতাই আৰু চকু নেমেলিলে।উল্লেখ্য, তেজস্বিতাই সৰুৰে পৰা সংগীত চৰ্চা কৰি ৰাজ্যজুৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। টেলিভিছনৰ লগতে সামাজিক মাধ্যমত নিজৰ গীত প্ৰচাৰ কৰিছিল তেজস্বিতাই। নিজৰ প্ৰতিভাৰ বাবে ছচিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছিল তেজস্বিতা। এনে এক প্ৰতিভাক হেৰুৱাই এতিয়া ম্ৰিয়মান ৰাজ্যবাসী।
