বিখ্যাত উদ্যোগপতি মুকেশ আম্বানিক সপৰিয়ালে হত্যাৰ ভাবুকি দিয়াৰ গোচৰত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে বিহাৰৰ দৰভংগাৰ মণিগাছি থানা এলেকাৰ ব্ৰহ্মপুৰা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক।
তেওঁৰ নাম ৰাকেশ কুমাৰ মিশ্ৰ বুলি প্ৰকাশ কৰা হৈছে। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে যুৱকজনক নিজৰ জিম্মাত লৈছে। যুৱকজনৰ পৰা আম্বানিক ভাবুকি দিয়া ম'বাইলটোও উদ্ধাৰ কৰা হৈছে।
উল্লেখ্য, মুম্বাইৰ ছাৰ এইচ এন ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতাললৈ ফোন কৰি ভাবুকি দিছিল মিশ্ৰই। কালি (বুধবাৰ) দুপৰীয়া ১২.৫৭ বজাত হাস্পতালখনৰ লেণ্ডলাইন নম্বৰলৈ ফোন কৰি মুকেশ আম্বানি, নীতা আম্বানি, আকাশ আম্বানি আৰু অনন্ত আম্বানিসহ আন সদস্যক প্ৰাণনাশৰ ভাবুকি দিছিল।
লগতে ভাবুকি দিছিল ৰিলায়েন্স এইচ এন হাস্পতালখনো বোমাৰে উৰুৱাই দিয়াৰ। এই ঘটনাৰ পিছতে অনুসন্ধানত নামি পৰা আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Tags:
National
