মিজোৰামত অসম ৰাইফলছে উৎখাত কৰিলে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ এক বৃহৎ চক্ৰ। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শুক্ৰবাৰে অসম ৰাইফলছ আৰু জোখাৱথাৰ আৰক্ষীয়ে মিজোৰামৰ চম্ফাই জিলাৰ মেলবুক গাঁৱত চলোৱা এটা যুটীয়া অভিযানত ৫,০৫,০০০ টা মেথাম্ফেটামিন টেবলেট জব্দ কৰে। উল্লেখ্য যে, ৫৫.৮০ কিঃগ্ৰাঃ ওজনৰ জব্দকৃত টেবলেটখিনিৰ বজাৰমূল্য ১৬৭,৮৬,২০,০০০ টকা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, ২৩ ছেপ্টেম্বৰৰ সন্ধিয়া অসম ৰাইফলছ আৰু জোখাৱথাৰ আৰক্ষীৰ এটা যুটীয়া দলে অভিযানটো আৰম্ভ কৰিছিল। যুটীয়া দলটোৱে সন্দেহজনকভাৱে চলাচল কৰা এখন বাহন প্ৰত্যক্ষ কৰিছিল আৰু সেই বাহনখন পৰীক্ষা কৰাৰ পিছত তাত এগৰাকী মহিলাই মেথাম্ফেটামিন টেবলেট কঢ়িয়াই নিয়াৰ কথা পোহৰলৈ আহে। যুটীয়া অভিযানকাৰী দলটোৱে মহিলাগৰাকীক আটক কৰি জব্দ হোৱা টেবলেটসহ পৰৱৰ্তী অনুসন্ধান আৰু আইনী প্ৰক্ৰিয়াৰ বাবে শনিবাৰে মিজোৰামৰ চম্ফাই জিলাৰ জোখাৱথাৰ আৰক্ষী থানাক চমজাই দিয়ে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে জোখাৱথাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।মন কৰিবলগীয়া যে, বিগত এবছৰৰো অধিক সময়ধৰি অসম ৰাইফলছে ড্ৰাগছ, অস্ত্ৰ আৰু বিস্ফোৰকৰ অবৈধ চলাচলৰ বিৰুদ্ধে সক্ৰিয়ভাৱে অভিযান চলাই আহিছে।
Tags:
National
