''এ বগা দাদা... এ দাদা... কেমেৰাটো আকবাৰ আমাৰ ফালে ঘূৰে দি''


 

"ঐ দাদা, ঐ দাদা খেল শেষ হ'ব এতিয়া, এবাৰ টিভিত ওলাব দিয়ক।"- কালি বৰ্ষাপাৰা ষ্টেডিয়ামৰ আন এক চৰ্চিত ঘটনা। ভাৰত আৰু ছাউথ আফ্ৰিকাৰ দৰ্শনীয় খেলৰ সময়ত ষ্টেডিয়ামত কেইমিনিটমানৰ এই ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াত বেছ চৰ্চাত আছে।


ষ্টেডিয়ামত দৰ্শকৰ শাৰীত বহি থকা কেইবাগৰাকী লোকে ফটো উঠাবৰ বাবে খেলৰ ভিডিঅ' ৰেকৰ্ডিং কৰি থকা এগৰাকী কৰ্মচাৰীক উদ্দেশ্যি কয়– ''এই দাদা এই দাদা খেলে শেষে হ'ব, একবাৰ টিভিত উইঠবা দিয়ে, মৰি গেলি আপচোচ ৰৈ যাব...এই বগা দাদা, এই জাপানীজ দাদা..।''

ফটো উঠাৰ দুৰ্বাহ হেঁপাহ প্ৰকাশ কৰি কৰা এই অনুৰোধে ষ্টেডিয়ামত হাস্যৰসৰ সৃষ্টি কৰে। এই ভিডিঅ' আজি ইউটিউবকে ধৰি ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ পিছত নেটিজেনে আগবঢ়াইছে ভিন্ন মত। কোনোৱে ইয়াক অভদ্ৰামিৰ পৰিচয় বুলি কোৱাৰ লগতে কোনোৱে এয়া ধেমালি বুলি প্ৰকাশ কৰিছে।এনে ভিন্ন মতৰ মাজত কোনোৱে আগবঢ়াইছে এনে অভিমতো । অলপতে ইণ্ডোনেছিয়াত ঘটি যোৱা ঘটনাৰ অৱতাৰণা কৰি আন্তঃৰাষ্ট্ৰীয় খেল এখনত BCCI বা ICCৰ এগৰাকী কৰ্মচাৰীক উদ্দেশ্যি কামৰূপী উপভাষাত ধেমালি কৰাটোক মনোৰঞ্জনৰ সলনি নীতিহীন কাৰ্য বুলি সমালোচনা কৰিছে। লগতে কোনোৱে 'বগা' শব্দই বৰ্ণবাদী আচৰণক প্ৰতিনিধিত্ব কৰা বুলি সমালোচনা কৰাৰ লগতে ই ফটো উঠাৰ হাবিয়াসতকৈ নিম্ন ৰুচিৰ ধেমালিৰ উদ্দেশ্য প্ৰতিফলিত কৰিছে বুলি ব্যাখ্যা কৰিছে।

Post a Comment

Previous Post Next Post