সাপ ওলোৱা আৰু ফ্লাড লাইট বন্ধক লৈ টুইটাৰত ট্ৰ'ল বৰ্ষাপাৰা ষ্টেডিয়াম! বহুতে BCCIক সুধিলে এয়া কি?



 বৰ্ষাপাৰাৰ ষ্টেডিয়ামত ভাৰত আৰু ছাউথ আফ্ৰিকাৰ টি–২০ খেল সামগ্ৰিকভাৱে সফলভাৱে সম্পন্ন হয় যদিও সাপ ওলোৱা আৰু ফ্লাড লাইট কিছু সময়লৈ বন্ধ হোৱা বিষয়টোৱে ৰাজ্যৰ লগতে ৰাষ্ট্ৰ আৰু বিশ্ব ক্ৰিকেটপ্ৰমীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰে। এই সন্দৰ্ভত অসম ক্ৰিকেট এছ'চিয়েচনে নিজস্ব মত প্ৰকাশ কৰিছে। কিন্তু ঘটনাক লৈ ৰাষ্ট্ৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্তৰত নেটিজেনৰ মাজত প্ৰকাশ পাইছে ভিন্ন প্ৰতিক্ৰিয়া।এই ঘটনাক ন্যায্যতা দিয়াৰ প্ৰয়াস অসম ক্ৰিকেট এছ'চিয়েচনে কৰিলেও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কোৱা হৈছে এনেদৰে– ''কেলেংকালিৰ অন্তিম পৰ্যায় আৰু কাক বোলে। এবাৰ সাপ এবাৰ বন্ধ হৈ গ'ল লাইট। বিশ্বৰ মঞ্চত লজ্জিত হ'ল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম।''ঘটনাক লৈ নেটিজেনৰ মাজত তীব্ৰ চৰ্চা। ক্ৰিকেট অনুৰাগীয়ে প্ৰশ্ন তুলিছে ষ্টেডিয়াক লৈ। ইয়াৰ লগতে কৰিছে ৰগৰ। কাৰোবাৰ বাবে এয়া প্ৰথম অভিজ্ঞতা।


Post a Comment

Previous Post Next Post