'শংকৰ-মাধৱ, জ্যোতি-বিষ্ণুৰ কথা শিলৰ ৰেখাই হয়, ইয়াক মচিবলৈ চেষ্টা নকৰাই ভাল''


 

ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী সৃষ্টি "লভিতা"ক আৱাহন থিয়েটাৰৰ মঞ্চত বিকৃতকৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে। বৰ্মনে কয়– জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, ফণী শৰ্মা আমাৰ চেতনাৰ অংগ।তেওঁ‌লোকৰ সৃষ্টিৰাজিক পৰীক্ষা-নিৰীক্ষাৰ নামত বিকৃত হোৱাটো আমি নিবিচাৰোঁ।''


কবি বৰ্মনে আৱাহন কৰ্তৃপক্ষক  জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূল "লভিতা"খনকে সম্পূৰ্ণকৈ মঞ্চস্থ কৰা নতুবা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনো সংলাপ, গীত, কাহিনী, পটভূমি আদি ব্যৱহাৰ নকৰাকৈ বেলেগ এখন নাটক মঞ্চস্থ কৰাৰ বাবে আহ্বান জনায়।

তেওঁ‌ ভ্ৰাম্যমাণৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰক এক উচিত সিদ্ধান্ত ল'বলৈ  আহ্বান জনাই ভ্ৰাম্যমাণৰ গৌৰৱময় যাত্ৰা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আলাপ-আলোচনাৰ মাজেৰে বিষয়টি নিষ্পত্তি কৰা উচিত বুলি কয়।

আনহাতে প্ৰস্তুতি পৰাশৰে "লভিতা এখন নাটকহে, শিলৰ ৰেখা নহয়" বুলি কৰা মন্তব্যৰ বিৰুদ্ধে কবিগৰাকীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। কবিগৰাকীয়ে কয় যে শংকৰ,মাধৱ, জ্যোতি, বিষ্ণু, লক্ষ্মীনাথ বেজবৰুৱাৰ কথা জাতিৰ বাবে শিলৰ ৰেখাই হয়, এই শিলৰ ৰেখা আমি মচিবলৈ চেষ্টা নকৰাই ভাল।

Post a Comment

Previous Post Next Post