১০ অক্টোবৰ তাৰিখে এগৰাকী মহিলাক স্থানীয় লোকৰ খবৰৰ ভিত্তিত মুমূৰ্ষু অৱস্থাত গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজীত নিশা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। নিশা অসুস্থ মহিলাগৰাকীক আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি ঘৰলৈ যাবলৈ দিয়ে যদিও দ্বিতীয় দিনা মহিলাগৰাকী গৌৰীসাগৰ আৰক্ষী থানাত উপস্থিত হৈ সমগ্ৰ ঘটনা বিৱৰি কোৱাত জঘন্য কাণ্ডৰ সবিশেষ পোহৰলৈ আহে।
এই ঘটনা আছিল ধৰ্ষণৰ। মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। গৌৰীসাগৰ আৰক্ষীৰ ক্ষিপ্ৰ তদন্তত ইতিমধ্যে দলবদ্ধ ধৰ্ষণৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে। গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি দুৱৰীয়ে জনোৱা মতে, যোৱা ১০ অক্টোবৰত মহিলাগৰাকীক গৌৰীসাগৰৰ ইমৰান হুছেইন ওৰফে মাইনা নামৰ যুৱকজনে নিশা ভোজ খোৱাৰ প্ৰলোভনেৰে জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জি জি এছ চাৰিআলিৰ ৰাতুল দাস নামৰ এজন ব্যক্তিৰ বাসগৃহলৈ লৈ যায়। তাৰ পিছতে মহিলাগৰাকীক ইমৰান হুছেইন, ৰাতুল দাস ,অচিন্ত্য গায়ন, প্ৰশান্ত গায়ন আৰু ধীৰেন দাস ওৰফে নিগনি নামৰ যুৱককেইজনে ধৰ্ষণ কৰে ।
মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ক্ষিপ্ৰতাৰে পাঁচটা অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে । আৰক্ষীয়ে 118/2022 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ অধীনত 376D ধাৰাত এক গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।
Tags:
National