জ্যোতি চিত্ৰবনত যতীন বৰাৰ ব্যয়বহুল ছবি ৰাঘৱৰ শুভ মহুৰৎ সম্পন্ন



 অসমীয়া চলচ্চিত্ৰ জগতক বাণিজ্যিকভাৱে টনকিয়াল কৰি তোলা ছুপাৰহিট অসমীয়া ছবি "ৰত্নাকৰ"ৰ পিছত যতীন বৰাই শুকুৰবাৰে জ্যোতি চিত্ৰবনত তেওঁৰ পৰৱৰ্তী ব্যয়বহুল ছবিৰ শুভ মহুৰত সম্পন্ন কৰে। জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত দ্বিতীয়খন ছবি হৈছে  "ৰাঘৱ"।


জনপ্ৰিয় অভিনেতা কপিল বৰাই আঁতধৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানটিত অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতনামা শিল্পী বিদ্যা ৰাও, মলয়া গোস্বামী আৰু প্ৰাঞ্জল শইকীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰে "ৰাঘৱ"ৰ পোষ্টাৰ।

আনহাতে, বিশিষ্ট ছবি বিতৰক তথা অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজক শংকৰলাল গোৱেংকাই কেমেৰাত মাল্যাৰ্পণ আৰু কেমেৰাৰ ছুইচ অন কৰাৰ লগতে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰে নাৰিকল ভাঙি আৰু জ্যেষ্ঠ অভিনেত্ৰী সীমা বিশ্বাসে ক্লেপষ্টিক দি ছবিখনৰ মহুৰত সম্পন্ন কৰে।

অসমৰ সাংস্কৃতিক, সংবাদ মাধ্যম তথা আন ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থকা একেটা অনুষ্ঠানতে অসমৰ কেইবাগৰাকী সাংস্কৃতিক সাংবাদিকক প্ৰযোজনা গোষ্ঠীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

যতীন বৰা (Assamese actor Jatin Bora ) আৰু নৱনীতা শৰ্মা বৰাই প্ৰযোজনা কৰা ছবিখন পৰিচালনা কৰিব যতীন বৰাই। গুৱাহাটী, যোৰহাট, মেঘালয়, হায়দৰাবাদৰ ৰামুজী ফিল্ম চিটী আৰু কাশ্মীৰৰ মনোমোহা লোকেচনত দৃশ্যগ্ৰহণ কৰিব চিনেমাটোগ্ৰাফাৰ প্ৰদীপ দৈমাৰীয়ে।"ৰাঘৱ"ৰ নাম ভূমিকাত অভিনয় কৰিব যতীন বৰাই। তদুপৰি ছবিখনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিব ক্ৰমে- হিৰণ্য ডেকা, নিশিতা গোস্বামী, সিদ্ধার্থ নিপন গোস্বামী, নৱাগতা চুমি বৰাকে ধৰি বহু কেইগৰাকী ন–পুৰণি শিল্পীয়ে।

Post a Comment

Previous Post Next Post