১২ নৱেম্বৰত হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচন, ফলাফল ৮ ডিচেম্বৰত


 

হিমাচল বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব হিমাচল বিধানসভা নিৰ্বাচন। আজি এই ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। ৬৮টা সমষ্টিৰ বাবে এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ৮ ডিচেম্বৰত।


হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলেও গুজৰাটৰ নিৰ্বাচনক লৈ কোনো কথা নজনালে নিৰ্বাচন আয়োগে। এই বছৰৰ শেষৰপিনে গুজাৰটতো বিধানসভা নিৰ্বাচন হোৱাৰ কথা।
বিগত বিধানসভা নিৰ্বাচনত ২০১৭ চনত হিমাচল প্ৰদেশত বিজেপিয়ে ৪৪খন আসনত জয়ী হৈছিল। হিমাচল প্ৰদেশৰ বিধানসভাত মুঠ আসনৰ সংখ্যা ৬৮খন। সংখ্যাগৰিষ্ঠতা পাবলৈ প্ৰয়োজন ৩৫খন আসনৰ।

Post a Comment

Previous Post Next Post