গোলাঘাট জিলাৰ দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাজ্যখনৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসম আৰক্ষীৰ বিষয়াসকলক কেইবাটাও পৰামৰ্শ আগবঢ়ায় গৃহমন্ত্ৰীগৰাকীয়ে। বিশেষকৈ অসম আৰক্ষীৰ কামকাজসমূহ নাগৰিককেন্দ্ৰীক হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে গৃহমন্ত্ৰীগৰাকীয়ে । ড্ৰাগছ মুক্ত অসম , উগ্ৰপন্থীৰ বিৰুদ্ধে শূণ্য সহনশীলতা প্ৰদৰ্শনৰ লগতে কেইবাটাও বিষয়ৰ ওপৰত গৃহমন্ত্ৰীগৰাকীয়ে আৰক্ষী বিষয়াসকললৈ পৰামৰ্শ আগবঢ়ায় । গৃহমন্ত্ৰীৰ লগতে আৰক্ষী বিষয়াসকলক উদ্দেশ্যি বক্তব্য ৰাখে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এইবাৰৰ আৰক্ষী অধীক্ষকৰ সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে ।
অসম আৰক্ষীয়ে সাধাৰণ লোকসকলৰ গোচৰসমূহক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা , উন্নত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি অৱলম্বন কৰাৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে । জনসাধাৰণক তৎকালীন সহাৰি আৰু তৎকালীন সকাহ দিয়াৰ ক্ষেত্ৰত তৎপৰ হবলৈ আৰক্ষীক আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক এবছৰৰ ভিতৰত সমাজলৈ এই বাৰ্তা প্ৰেৰণ কৰিবলৈ ৰাজ্য চৰকাৰে কাম কৰিব । অপৰাধ অনুসন্ধান আৰু অপৰাধীক দোষী সাব্যস্ত কৰিব পৰাকৈ পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী অধীক্ষকসকলক উদ্দেশ্যি কয় যে আগন্তুক ছমাহত চাইবাৰ চিকিউৰিটি তথা চাইবাৰ অৰ্থনৈতিক অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হব । অপৰাধৰ বিজ্ঞানসন্মত তদন্ত , দুখীয়া মানুহৰ গোচৰসমূহত সৰ্বাধিক গুৰুত্ব প্ৰদানেৰে দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ আৰক্ষী বাহিনী ৰূপে অসম আৰক্ষীক গঢ় দিব বিচাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী অধীক্ষকসকলক উদ্দেশ্যি মত ব্যক্ত কৰে । ড্ৰাগছ ব্যৱসায় , বাৰ্মিজ চুপাৰি চিণ্ডিকেট , বাংলাদেশলৈ অসমৰ পৰা গৰুৰ চোৰাং সৰবৰাহ তথা মহিলাৰ বিৰুদ্ধে অপৰাধ কোনো কাৰণতে সহ্য কৰা নহব বুলি আৰক্ষী অধীক্ষকৰ সন্মিলনত স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীগৰাকী সোমবাৰে পুৱা অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত উপস্থিত থাকিব নোৱাৰা বাবে বিভিন্ন জিলাসমূহৰ আৰক্ষীৰ বিগত কেইমাহৰ কামৰ খটিয়ানসমূহ তথা এই সন্মিলনৰ অন্তত লাভ কৰা তথ্যসমূহ অচিৰেই মুখ্যমন্ত্ৰীৰ সন্মুখত দাঙি ধৰি এই সন্দৰ্ভত আগন্তুক দুসপ্তাহৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই