বৰপেটাৰোড শাখা সত্ৰত জগতগুৰু শ্ৰীমন্তশংকৰদেৱৰ ৫৭৪সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন


 

জগতগুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ব্যাপক উলহ–মালহেৰে বৰপেটাৰোড শাখা সত্ৰত পালন কৰা হয় ৷ ৪ অক্টোবৰৰ পৰা আৰম্ভ হোৱা গুৰুজনাৰ এই আৱিৰ্ভাৱ মহোৎসৱ কাইলৈ অৰ্থাৎ ৬ অক্টোবৰত সামৰণি পৰিব ৷


আৱিৰ্ভাৱ মহোৎসৱত গুৰুজনাৰ বিভিন্ন সাংস্কৃতিক দিশ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্নধৰণৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে ৷ বুধবাৰে ভাগৱত শোভাযাত্ৰাৰ অন্তত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা নাম দলে বীৰ নাম অনুষ্ঠিত কৰে ৷ বিশেষকৈ বৰঙাজুলি সত্ৰৰ অন্তৰ্গত বালিসীতা সত্ৰৰ আই মাতৃসকলে বীৰ নামত অংশ লৈছে বুলিও জানিবলৈ দিয়ে ৷


নাম প্ৰসংগৰ অন্তত মাণিকপুৰৰ গীতা সত্ৰৰ সাংস্কৃতিক দলক বৰপেটাৰোড শাখা সত্ৰত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰি আনিছে ৷ আৱিৰ্ভাৱ মহোৎসৱৰ কাইলৈৰ অৰ্থাৎ অন্তিম দিনা বিভিন্ন কাৰ্যসূচীৰ উপৰি পশ্চিমবংগৰ উত্তৰবংগৰ বিভিন্নজন ভকতে বিভিন্ন স্থানত  সত্ৰ স্থাপন কৰাৰ লগতে ভকতসকলে গুৰুজনাৰ বিভিন্ন দিশ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে ভকতসকলক সম্বৰ্ধনা জনাবলৈ এক অনুষ্ঠানৰ আয়োজন কৰাৰ কথাও জানিবলৈ দিয়ে ৷ কাইলৈ সন্ধিয়া শাখা সত্ৰৰ মঞ্চত স্থানীয় ভকতসকলে ধৰ্মীয়মূলক এখন নাট মঞ্চস্থ কৰিব বুলিও আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ৷

Post a Comment

Previous Post Next Post