আজিৰে পৰা হাৰিয়াণাৰ সূৰজকুণ্ডত ৰাজ্যসমূহৰ গৃহ মন্ত্ৰীসকলৰ দুদিনীয়া ‘চিন্তন শিবিৰ’


 

আজিৰে পৰে হাৰিয়াণাৰ সূৰজকুণ্ডত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰাজ্যসমূহৰ গৃহমন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’। জানিব পৰা মতে, কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে এই শিবিৰৰ সভাপতিত্ব কৰিব। লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৮ অক্টোবৰ ২০২২ত ‘ভিডিঅ’ কন্ফাৰেন্সিং’ ব্যৱস্থাৰে ‘চিন্তন শিবিৰ’ সম্বোধন কৰিব।


‘চিন্তন শিবিৰ’ত ৰাজ্যৰ গৃহমন্ত্ৰীসকলৰ লগতে ‘লেফটেনেণ্ট গৱৰ্নৰ’ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকসকলে অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি শিবিৰত ৰাজ্যসমূহৰ গৃহ সচিব, আৰক্ষী সঞ্চালক প্ৰধান, সাধাৰণ আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী তথা কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ সঞ্চালক প্ৰধানসকলেও ভাগ লব।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰা ‘ভিছন ২০৪৭’ আৰু ‘পঞ্চ পণ’ সন্দৰ্ভত কৰ্ম পৰিকল্পনা যুগুতাই উলিওৱাৰ লক্ষ্যৰে অনুষ্ঠিত হ’ব ‘চিন্তন বৈঠক’। শিবিৰত ‘চাইবাৰ অপৰাধ প্ৰবন্ধন’, আৰক্ষী বাহিনীসমূহৰ আধুনিকীকৰণ, আপৰাধৰ ন্যায় প্ৰদান ব্যৱস্থাত তথ্য-প্ৰযুক্তিৰ বৰ্দ্ধিত ব্যৱহাৰ, ভূমি-সীমা প্ৰবন্ধন আৰু উপকূলীয় নিৰাপত্তা আৰু অন্যান্য আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত আলোচনা হ’ব।
মন কৰিবলগীয়া যে, এই শিবিৰতেই ‘২০৪৭ৰ ভিতৰত উন্নত ভাৰত গঢ়া’ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ‘নাৰী শক্তি’ৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব, মহিলাৰ সুৰক্ষা প্ৰাদন আৰু তেওঁলোকৰ বাবে নিৰাপদ বাতাবৰণ গঢ়ি তোলাত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।
ৰাষ্ট্ৰীয় নীতি প্ৰণয়ন আৰু উন্নত পৰিকল্পনা আৰু সমন্বয় সাধনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব পৰা ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যৰেও এই সন্মিলনৰ আয়োজন কৰা হৈছে।

সন্মিলনৰ প্ৰথম দিনাৰ আলোচ্য প্ৰসংগসমূহৰ ভিতৰত আছে গৃহৰক্ষী বাহিনী, অগ্নিনিৰ্বাপন ব্যৱস্থা, শত্ৰু-সম্পত্তি আহৰণ আদি। সেইদৰে, দ্বিতীয় দিনাৰ কাৰ্যসূচীত চাইবাৰ সুৰক্ষা, নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা, মহিলাৰ সুৰক্ষা আৰু সীমান্ত প্ৰবন্ধনৰ প্ৰসংগত আলোচনা অনুষ্ঠিত হ’ব। এনেবোৰ প্ৰসংগত ৰাজ্য চৰকাৰসমূহৰ অংশগ্ৰহণক উৎসাহিত কৰা আৰু সুনিশ্চিত কৰাৰ উদ্দেশ্যেও এই শিবিৰৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post