দিল্লীৰ মহিলা আয়োগ (ডিচিডব্লিউ)ৰ অধ্যক্ষ স্বাতি মালিৱালে ডেৰা চচ্চা সৌদাৰ প্ৰধান গুৰমীত ৰাম ৰহিমক পেৰোল প্ৰদান কৰাৰ বাবে হাৰিয়ানা চৰকাৰক গৰিহণা দিছে। ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈ ৰাম ৰহিম সিং কাৰাগাৰত আছে। ডিচিডব্লিউৰ অধ্যক্ষই কয় যে, ৰাম ৰহিম এজন ধৰ্ষণকাৰী আৰু হত্যাকাৰী হয়। ৰাম ৰহিমক আদালতৰ দ্বাৰা আজীৱন কাৰাদণ্ড দিয়া হৈছে কিন্তু হাৰিয়ানা চৰকাৰে তেওঁক যেতিয়াই বিচাৰে পেৰোল প্ৰদান কৰে। ৰাম ৰহিমে ‘সৎসঙ্গ’ অনুষ্ঠিত কৰে আৰু হাৰিয়ানা মেয়ৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে বুধবাৰে কয় যে, ডেৰা প্ৰধানক প্ৰদান কৰা পেৰোলত তেওঁৰ কোনো ভূমিকা নাই। স্বাতি মালিৱালে লগতে দাবী কৰে যে সৎসঙ্গত অংশ লোৱা নেতা ৰাম ৰহিমৰ ভাল ভক্ত আছিল। মালিৱালে হৰিয়ানাৰ চৰকাৰক ৰাম ৰহিমৰ পেৰোল ৰোধ কৰিবলৈ আৰু তেওঁক জেলৰ শাস্তি বিহিবলৈ আবেদন জনাইছে। ৰাম ৰহিম সিঙে ১৯ অক্টোবৰত এক ভাৰ্ছুৱেল ‘সৎসঙ্গ’ৰ আয়োজন কৰিছিল য’ত কৰ্ণালৰ মেয়ৰ আৰু ভাৰতীয় জনতা দল (বিজেপি)ৰ কেইবাজনো নেতাই অংশ লৈছিল যাৰ পাছত এক নতুন বিতৰ্কৰ সৃষ্টি হৈছিল।
ডেৰা চচ্চা সৌদাৰ মুৰব্বী ৰাম ৰহিমক শেহতীয়াকৈ সুনাৰিয়া জেলৰ পৰা ৪০ দিন পূৰ্বে পেৰোলত মুকলি কৰা হৈছিল। হৰিয়ানাত আগন্তুক ৩ নৱেম্বৰত আদমপুৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাম ৰহিমক পেৰোল দিয়া সিদ্ধান্তৰ বাবে বিবাদৰ হৈছে। উল্লেখযোগ্য যে, ৰাম ৰহিমক ১৭ জুনত এক মাহৰ বাবে পেৰোল দিয়া হৈছিল। তেওঁ ২০১৭ চনৰ পৰা হাৰিয়ানাৰ সুনাৰিয়া কাৰাগাৰত বন্দী হৈ আছে। তেওঁ চিৰছাৰ নিজৰ আশ্ৰমৰ মুখ্য কাৰ্যালয়ত দুগৰাকী মহিলা শিষ্যক ধৰ্ষণৰ দোষী সাব্যস্ত হৈছিল আৰু ইয়াৰ পাছতে ২০ বছৰৰ বাবে কাৰাদণ্ড দিয়া হৈছিল। মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ডেৰাৰ প্ৰধানক তিনি সপ্তাহৰ বাবে ছুটী দিয়া হৈছিল।
Tags:
National
